অসম

কদৰ্যময় হৈ উঠিছে ঢকুৱাখনাৰ এটি ব্যস্ত পথ

ঢকুৱাখনা পৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনা বামুণগাঁৱৰ পৰা মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা ব্যস্ত পথৰ অৱস্থা এতিয়া দিনক দিনে কদৰ্যময় হৈ উঠিছে ৷ বামুণগাঁৱৰ এই ব্যস্ত পথটোৰ লগতে আৰু বহুকেইটা পথ এতিয়া বিধ্বস্ত হৈ পৰিছে৷

ৰাষ্টাৰ সোঁমাজতে সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতসমূহত বৰষুণৰ পানী জমা হোৱাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। পানী ওলাই যোৱাৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা নাই। যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজ যমৰ যাতনা ভুগিবলগীয়া হৈছে ৷ ৰাইজে এই সমস্যা সমাধান কৰিবলৈ গড়কপ্তানি বিভাগৰ লগতে ঢকুৱাখনা মহকুমাধিপতি গৰাকীক অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close