অসম

কমাৰগাঁৱত গাঁওৰক্ষী বাহিনী তৎপৰতাত দুই বিলাসী গাড়ীসহ আটক হ’ল গাড়ী চোৰ দল

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা গাঁৱত যোৱা ৪ অক্টোবৰ নিশা বৰুৱাতামুলীপথাৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত দুখন বিলাসী গাড়ীসহ তিনিজন দুধৰ্ষ গাড়ী চোৰ আটক হয়।
উল্লেখ্য যে, ৪ অক্টোৱৰৰ নিশা অন্য দিনাৰ দৰে বৰুৱা তামুলীপথাৰ গাঁওৰক্ষী দলটোৱে নিশা পহৰা দি থকা অৱস্থাত গাঁওখনত প্ৰৱেশ কৰা দুখন বিলাসী গাড়ী ওপৰত সন্দেহ ওপজাত চলন্ত গাড়ী দুখন ৰখাই সোধপোছ কৰাত গাড়ী চোৰৰ দলটোৱে গাঁওৰক্ষী বাহিনী দলটোক এক মোটা অংকৰ ধন প্ৰদান কৰাৰ টোপ দিছিল যদিও গাঁওৰক্ষী বাহিনী দলটোৱে কোনো উৎকোচ গ্ৰহণ নকৰি লগে লগে কমাৰগাঁও আৰক্ষী থানাৰ লগত যোগাযোগ কৰি কমাৰগাঁও আৰক্ষীক গাড়ীসহ চোৰ তিনিজনক গটাই দিয়ে।

পিছৰ পৰ্যায়ত কমাৰগাঁও আৰক্ষীয়ে গাড়ী দুখনৰ ওপৰত অনুসন্ধান চলাই গাড়ী দুখনৰ নথিপত্ৰ পৰীক্ষা কৰি গম পালে যে বিলাসী গাড়ী দুখন বেঙ্গলৰ পৰা চোৰ কৰি আনিছিল তাৰ তথ্য লাভ কৰে ।
গাড়ী দুখন যে চুৰি কৰি আনিছিল আজি আৰক্ষী আৰু সাংবাদিকৰ আগত গাড়ী চোৰৰ দলটোৱে স্বীকাৰোক্তি দিয়ে।
বৰুৱা তামুলীপথাৰ গাঁওৰক্ষী বাহিনীৰ পলাশ বাইলুং, হেমন্ত বৰা, প্ৰিয়াংকু গগৈ , শৈলেন গগৈ , ভূপেন গগৈ উপৰিও ভালে সংখ্যক গাঁওৰক্ষী বাহিনী সদস্য প্ৰচেষ্টাত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ দলটো আটক কৰাত সহায় কৰাৰ বাবে কমাৰগাঁও আৰক্ষী লগতে ৰাইজে প্ৰশংসা কৰিছে। গাড়ী দুখন এখন হৈছে হুন্দাই আই টেন আৰু আনখন হুন্দাই ইমেইজ। গাড়ী দুখন বৰ্তমান কমাৰগাঁও আৰক্ষীৰ জিম্মাত আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close