অসম

কলিয়াবৰত বন বিভাগৰ অভিযান

প্ৰথম খবৰ, কলিয়াবৰ: কলিয়াৰ মহকুমাৰ শালনা বন বিভাগে আজি পুৱাৰে পৰা পুনৰ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। মহকুমাটিৰ জখলাবন্ধাৰ সমীপৰ নাগশংকৰ, টকৌবাৰি আৰু বৰভকতিত শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন বিভাগৰ এটা বৃহৎ দলে অভিযান চলাই তিনিটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে মিলৰ যন্ত্ৰাংশসমূহ জব্দ কৰে।

অভিযানকাৰী বন বিভাগৰ দলটিয়ে অবৈধ মিলৰ জব্দ কৰা যন্ত্ৰাংশসমূহ জখলাবন্ধা খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া সংৰক্ষিত বনাঞ্চল ৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা মূল‍্যবান শাল, চেগুন কাঠৰ কুণ্ডা এনেবোৰ অবৈধ কাঠমিলত নিতৌ ফালি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

বন বিভাগে জব্দ কৰা অবৈধ মিল কেইটাৰ গৰাকী কেইজন সম্প্ৰতি পলাতক বুলি বন বিভাগে জানিব দিয়ে। বন বিভাগৰ অভিযানকাৰী দলটিয়ে এটা সপ্তাহৰ ভিতৰতে বহুকেইটা অবৈধ কাঠ ফলা মিল উৎখাত কৰাৰ লগতে মিলৰ যন্ত্ৰাংশসমূহ জব্দ কৰাৰ উপৰিও অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমানৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close