শেহতীয়া
Home / অসম / কাজিৰঙাৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ তিনিটা গঁড় স্থানান্তৰ

কাজিৰঙাৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ তিনিটা গঁড় স্থানান্তৰ

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ তিনিটা গঁড়৷ কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা স্থানান্তৰ এটা মতা আৰু দুজনী মাইকী গঁড়৷ ৰাজ্যিক চিৰিয়াখানাৰ প্ৰজনন সংৰক্ষণ কেন্দ্ৰলৈ  স্থানান্তৰ কৰা হৈছে গঁড় কেইটা৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকজনে জানিবলৈ দিয়া মতে, বিগত দুমাহ পুৰ্বৰে পৰা স্থানান্তৰৰ যু-জা চলাই বৃহস্পতিবাৰে বিয়লি পিঞ্জৰাত সোমোৱাই ট্ৰাকৰ জৰিয়তে চিৰিয়াখানালৈ প্ৰেৰণ কৰে৷

আনহাতে, পুণৰ সংস্থাপন কেন্দ্ৰটোত বিগত দুবছৰ ধৰি পুহপাল দি থকা গঁড় কেইটাক চিৰিয়াখানালৈ  প্ৰেৰণ কৰিব সময়ত আবেগিক হৈ পৰে  বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ কৰ্মীসকল৷
ইফালে, ৰাজ্যিক চিৰিয়াখানাৰ আন্তগাঁথনি উন্নত নোহোৱাকে গঁড় কেইটা চিৰিয়াখানালৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক জনে অস্বীকাৰ কৰি কয়, এইয়া মিচা কথা, চিৰিয়াখানত উপযুক্ত সা- সুবিধা থকাৰ বাবেহে গঁড় কেইটা নিয়া হৈছে৷
উল্লেখ্য যে,বাগৰি মাইকী (বয়স১৮ মাহ), বালিডুবি মতা (বয়স ৩০ মাহ) আৰু শান্তি (বয়স ৩০ মাহ) নামেৰে গঁড় কেইটাক নামাকৰণ কৰা হৈছে। বিগত ২০১৫ আৰু ২০১৬ চনৰ বানত উদ্ধাৰ কৰিছিল বন বিভাগ আৰু পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*