অসম

কুমাৰিকাটাত অনুষ্ঠিত হ’ল ৰাষ্ট্ৰীয় কম্পিউটাৰ শিক্ষা বঁটা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ বিতৰণ

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি বাক্সা জিলাৰ কুমাৰিকাটাত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় কম্পিউটাৰ বঁটা বিতৰণী সভা। পোনপ্ৰথমে অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কুমাৰিকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বায়নে। উদ্দেশ্য বাখ্যা কৰে পৰিচালক অমৰ সিং ব্ৰহ্মই।
উপস্থিত থাকে কুমাৰিকাটাৰ ৰাষ্ট্ৰীয় কম্পিটাৰ শিক্ষাৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শিক্ষক বৃন্দ সকলৰ লগতে অভিভাৱক সকল।
আজি এই বঁটা বিতৰণী সভাৰ সৰ্বোচ্চ নম্বৰ পাইছে প্রদিপ দৈমাৰী ৮৫ শতাংশ।
দ্বিতীয় স্থান পাইছে প্ৰবীণ বসুমতাৰী ৮৩ শতাংশ।এই বঁটা বিতৰণী অনুষ্ঠানত সাংস্কৃতিক গীত নৃত্যৰ লগতে এক আনন্দময় পৰিৱেশৰ মাজেৰে সকলো ছাত্ৰ-ছাত্ৰীক উৎসাহ দি বঁটা প্ৰদান কৰিলে কুমাৰিকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ বয়নে। তাৰ মাজতে দুপৰীয়া মধ্যাহ্ন ভোজনৰ ও ব্যৱস্থা কৰিলে ৰাষ্ট্ৰীয় কম্পিউটাৰ শিক্ষা বিভাগ কৰ্তৃপক্ষই।
আৰু শেষত সকলো ছাত্ৰ-ছাত্ৰীৰ ওপৰত অধ্যক্ষ তথা পৰিচালক মহোদয়ে বহু মূলীয়া ভাষণ ৰাখি সমাপ্ত কৰিলে অনুষ্ঠান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close