অসম

কৃষ্ণাইৰ ভেল্টাৰঘাটত অঘটন, ভায়েকৰ দাৰ ঘাপত চিঙিল বায়েকৰ হাত

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: গোৱালপাৰ জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেল্টাৰঘাটত যোৱানিশা এক লোমহৰ্ষক ঘটনা সংঘটিত হয়। পৰিয়ালকেন্দ্ৰিক কাজিয়াৰ পৰিণতিত ভায়েকৰ দাৰ ঘাপত হাত এখন হেৰুৱালে বায়েকে। এই ঘটনাত পৰিয়ালটোৰ আন দুজন লোকো আহত হয়।

ঘটনাৰ তথ্য অনুসৰি, ভেল্টাৰঘাটৰ বাসিন্দা আমিনুৰ ইছলামে দীৰ্ঘদিন ধৰি নিজ পিতৃৰ পৰা সমবায়ৰ তিনি টকীয়া চাউলৰ কাৰ্ডখন বিচাৰি আছিল৷ এই কাৰ্ডৰ প্ৰসংগ লৈয়ে যোৱা নিশা আমিনুৰৰ প্ৰথমে পিতাকৰ লগত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু খঙৰ ভমকত আমিনুৰে নিজ পিতৃক দা লৈ আক্ৰমণ কৰিবলৈ উদ্যত হয়।

পৰিস্থিতি বিষম দেখি কাষতে থকা আমিনুৰৰ বায়েক হামিদা বিবিয়ে কাজিয়াত বাধা দিবলৈ দৌৰি আহে যদিও উন্মত্ত ভায়েকৰ দাৰ ঘাপত বায়েকৰ হাত এখন দেহৰ পৰা বিচ্ছিন্ন হৈ মাটিত পৰি যায়৷ এই ঘটনাত মুহূৰ্ততে গাঁওখনত হাহাকাৰৰ সৃষ্টি হয় ৷

ৰাইজে দৌৰি আহি আমিনুৰক কৰায়ত্ত কৰি কৃষ্ণাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আমিনুৰক হামিদাৰ কটা হাত সহ থানালৈ লৈ আহে আৰু আহত হামিদা বিবিক চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close