শেহতীয়া
Home / অসম / কেঁচামাল আৰু উপযুক্ত বজাৰৰ অভাৱ, মৃত্যু মুখত চেঙাৰ মৃৎ শিল্প

কেঁচামাল আৰু উপযুক্ত বজাৰৰ অভাৱ, মৃত্যু মুখত চেঙাৰ মৃৎ শিল্প

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: অসমৰ গ্ৰাম্য অৰ্থনীতি তথা সামাজিক জীৱন যাত্ৰাৰ অন্যতম আহিলা সমূহৰ ভিতৰত মাটিৰ বাচন-বৰ্তনসমূহ এক বিশেষ আহিলা হিচাপে চিহ্নিত হৈ আহিছে যুগ যুগ ধৰি। বৰ্তমান প্লাষ্টিক, ষ্টীল, চিলভাৰ আদি কৰি বিভিন্ন ধাতুৰ দ্বাৰা নিৰ্মিত সামগ্ৰীয়ে বজাৰ দখল কৰাত এই কুটীৰ শিল্পবিধৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে। কেঁচামাল আৰু আৰু এখন উপযুক্ত বজাৰৰ অভাৱে প্ৰত্যাহ্বান হিচাপে থিয় দিছে এই শিল্প-কলাটোৰ ওপৰত। তথাপি ৰাজ্যখনৰ বিভিন্ন ঠাইৰ হীৰা সম্প্ৰদায়ৰ লোকে এই মৃৎ শিল্পক জীয়াই ৰখাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে।

আৰ্থিক দৈন্যৰ মাজতো একমাত্ৰ জন্মসূত্ৰে লাভ কৰা মৃৎ শিল্প বৃত্তিটোক স্বাৱলম্বনৰ মূল আহিলা হিচাপে গ্ৰহণ কৰি অহা বৰপেটা জিলাৰ চেঙা অঞ্চলৰ কেইটামান হীৰা সম্প্ৰদায়ৰ পৰিয়ালেও এই কুটীৰ শিল্পবিধক জীয়াই ৰখাৰ সংগ্ৰামখনৰ অংশীদাৰ হৈ আহিছে। তেওঁলোকে দিনে-নিশাই শ্ৰম কৰি সাঁজি উলিওৱা কলহ, চৰু, চাকি, ঘট, টেকেলি, বাটৰমালা, ফুলৰ টাব আদি সামগ্ৰীয়ে সমাজ জীৱনত প্ৰভূত অৰিহণা যোগাই আহিছে যদিও চৰকাৰৰ অমনোযোগিতাৰ বাবেই ক্ৰমশঃ মৃত্যুৰ মুখলৈ গতি কৰিছে চেঙাৰ এই মৃৎ শিল্প।

উল্লেখ্য যে, এই শিল্পটোৰ লগত জড়িত লোক সকলে দুপৰবিলৰ পৰা কেঁচামাল সংগ্ৰহ কৰিব লাগে। জানিবলৈ পোৱা মতে মাটিৰ মালিক, ফৰেষ্ট, পুলিচ আদিকে মিলি এক ট্ৰাক কেঁচামালৰ বাবদ ব্যয় হয় ২৫০০০-৩০০০০ টকা। ইফালে পেটৰ তাড়নাত কপালৰ ঘাম মাটিত পেলাই দিন- ৰাতি শ্ৰম কৰাৰ পিচতো এইসকল পৰিশ্ৰমী শিল্পীয়ে ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। তাৰেই উদাহৰণ স্বৰস্বতী দাস নামৰ হীৰা সম্প্ৰদায়ৰ ৮০ বছৰীয়া বৃদ্ধা গৰাকী। যি আজিৰ তাৰিখতো কৰি গৈছে নিজৰ শিল্পকৰ্ম।

অন্যহাতে ইন্ধনৰ অভাৱেও জুৰুলা কৰা এই মানুহখিনিয়ে পোৱা নাই উচিত মূল্য। যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে চেঙাৰ এই হীৰা সম্প্ৰদায়ৰ শতাধিক পৰিয়াল। সমাগত দ্বীপান্বিতাত মাটিৰ চাকিৰ চাহিদা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মৃৎশিল্পী কামেশ্বৰ দাসে এখন উপযুক্ত বজাৰ নথকা আৰু চীনা সামগ্ৰীৰ বৰ্ধিত পয়োভৰৰ বাবেই প্ৰকৃত শ্ৰমৰ মূল্যৰ পৰা তেওঁলোক বঞ্চিত হোৱা বুলি আক্ষেপেৰে উল্লেখ কৰে। এই গোটেই প্ৰক্ৰিয়াটোৰ লগতে মৃৎ-শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত কেচাঁমালৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰি অনুজ্ঞা-পত্ৰ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় আৰু ৰাজ্যবাসীক মাটিৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰি মৃৎশিল্পক জীয়াই ৰাখিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*