অসম

কেইটিমান দিনৰ অপেক্ষাৰ অন্তত পোহৰৰ উৎসৱ দীপাৱলী, থলুৱা সামগ্ৰীৰে দীপাৱলীৰ প্ৰস্তুতি ৰাজ্যবাসীৰ

গুৱাহাটীৰ পৰা কল্পজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: ভাৰতৰ সকলো ৰাজ্যৰ লগতে অসমতো দীপাৱলীৰ প্ৰস্তুতি। মহানগৰীতো তাৰ ব্যতিক্ৰম হোৱা নাই। সমগ্ৰ অসমৰ লগতে মহানগৰীতো আয়োজন চলি আছে দীপাৱলী উদযাপনৰ। সেই উপলক্ষে মহানগৰীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ অতি আতকধুনীয়া কৰি সজাই-পৰাই তোলা হৈছে।

মহানগৰীৰ ফটকা – আতচবাজীৰ বজাৰ বুলিলে ফাচিবজাৰৰ নামতো মনলৈ আহে। ফাচিবজাৰতো এতিয়া সৃষ্টি হৈছে বিৰ দি বাট নোহোৱা অৱস্থাৰ। বিভিন্ন ধৰণৰ আতচবাজী, ফটকা, ভিন্ন ৰঙী লাইটেৰে ভৰি পৰিছে ফাচিবজাৰ।

অহা ১৮ আৰু ১৯ অক্টোবৰত উদযাপিত হ’বলগীয়া দীপাৱলীত চীনত নিৰ্মিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ প্ৰশাসনে। ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ প্ৰশাসনে চীনা সামগ্ৰীৰ বিক্ৰীৰ ওপৰত শেন চকু ৰাখিছে যদিও তাৰ পিছতো অবাধে বিক্ৰী হৈ আছে চীনত নিৰ্মিত আতচবাজী থকা ৰঙা – নীলা লাইট। মহানগৰ প্ৰশাসনে ১৫০০ কিঃগ্ৰাঃতকৈ অধিক ফটকা-আতচবাজী ৰেহাই মূল্যৰ প্ৰতিষ্ঠান সমূহত ৰাখিব নোৱাৰিব বুলিও নিষেধাজ্ঞা জাৰি কৰিছে।

যোৱা ১০ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ ব্যৱসায়ী সকলক ফটকা বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে যদিও বৰ্তমান সময়লৈকে বহু ব্যৱসায়ীয়ে পোৱা নাই অনুজ্ঞা পত্ৰ। এই ক্ষেত্ৰত মহানগৰৰ কিছু সংখ্যক ব্যৱসায়ীয়ে মহানগৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হয়।
এইবৰ্ষত বৰপেটাৰ যি থলুৱা আতচবাজীৰ উদ্যোগ সেই উদ্যোগ সমূহৰ প্ৰসাৰৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে ৰাজ্যিক প্ৰশাসনে। এইবছৰ বৰপেটাত নিৰ্মিত আতকধুনীয়া আতচবাজী, মাটি চাকি বিক্ৰী হ’ব অসমৰ বিভিন্ন স্থানৰ বজাৰ সমূহত। থলুৱা আতচবাজী নিৰ্মাণ কৰা ক্ষুদ্ৰ উদ্যোগ সমূহৰ প্ৰসাৰ তথা লাভম্বিত কৰাৰ উদ্দেশ্যেই এই পদক্ষেপ হাতত লৈছে ৰাজ্যিক প্ৰশাসনে। আশা কৰিছে ৰাজ্যবাসীয়েও থলুৱা ফটকা, চাকি আদি ক্ৰয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চৰকাৰৰ এই পদক্ষেপত হাত উজান দিয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close