অসম

কোকৰাঝাৰত সন্ধানহীন গোসাইগাঁৱৰ যুৱক

গোসাইগাঁৱৰ ৰুবুল পাঠক, প্ৰথম খবৰ: বি টি এ ডিৰ কোকৰাঝাৰ সদৰ চহৰৰ পৰা গোসাইগাঁৱৰ এজন যুৱক যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ৷ জানিব পৰামতে গোসাইগাঁও সদৰ চহৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাসিন্দা প্ৰয়াত সুশীল ঘোষৰ পুত্ৰ শিবু ঘোষ(৩৫) বিগত কেইবা বছৰ ধৰি কোকৰাঝাৰ সদৰ চহৰ স্থিত এল এম বি চাহৰ দোকানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৷ কিন্তু যোৱা ২৫ ছেপ্টেম্বৰত নিশা ১০ মান বজাৰ পৰা তেওঁ সন্ধানহীন হৈ পৰে৷

পৰিয়ালৰ লোকে খৱৰ পাই ওচৰে-পাজৰে, আত্মীয়-স্বজন আদি বিভিন্ন ঠাইত বিচাৰে যদিও কোনো আজিও কোনো সম্ভেদ লাভ কৰা নাই ৷ পৰিয়ালবৰ্গই যোৱা ৩০ ছেপ্টেম্বৰত ঘটনা সম্পৰ্কে কোকৰাঝাৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে৷ ইপিনে আৰক্ষীয়ে তদন্ত চলাই আছে যদিও অদ্যপি তেওঁৰ কোনো সম্ভেদ উলিয়াবলৈ হোৱা নাই। হাফ পেণ্ট আৰু আফ গেঞ্জী পৰিহিত শ্যামলা বৰনৰ যুৱক জনৰ কোনো সদাসয় ব্যক্তিয়ে সম্ভেদ লাভ কৰিলে কোকৰাঝাৰ আৰক্ষী অথবা ৭৬৬৩৮১০১৩৪ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আবেদন জনাইছে৷

Related Articles

Leave a Reply

Close