অসম

ক্ষমতা কেন্দ্ৰীক ৰাজনীতিত জৰ্জৰ মাৰ্ঘেৰিটা নগৰ সমিতি, সভাপতি আৰু উপ সভাপতিৰ বিৰুদ্ধে অনাস্থাৰ বাবে সাজু ৫ ৱাৰ্ড সদস্য

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ বিজেপি দলৰ দখলত থকা আঠ সদস্য বিশিষ্ট মাৰ্ঘেৰিটা নগৰ সমিতি খনে মাত্ৰ আঢ়ৈ বছৰ সম্পূৰ্ণ কৰোতেই ক্ষমতাকেন্দ্ৰীক লবী ৰাজনীতিত জৰ্জৰিত হৈ পৰিছে, সৃষ্টি হৈছে ৫ জনীয়া আৰু ৩ জনীয়া লবীৰ। নগৰ খনৰ সভাপতি আৰু উপ সভাপতি ক্ৰমে নিৰু বৰা আৰু দলটোৰ জ্যেষ্ঠ নেতা তথা ৩ নং ৱাৰ্ডৰ সদস্য ভীম কৰ্মকাৰক ক্ষমতাচ্যুত কৰি ৪ আৰু ৫ নং ৱাৰ্ডৰ সদস্য ক্ৰমে দিপালি ৰবি দত্ত আৰু আনন্দ শৰ্মাক স্থলাভিষিক্ত কৰিবৰ বাবে ৫ জনীয়া লবী তৈয়াৰ কৰি ব্যাপক কুচকাৱাজ চলোৱাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে, কংগ্ৰেছ দলৰ দখলত দুটাকৈ কাৰ্যকাল থকা নগৰ সমিতি খন বিগত নিৰ্বাচনত বিজেপিৰ দখললৈ আহিছিল। ৮- ০ ব্যৱধানত পৰাভূত হৈছিল গেৰুৱা দলটোৰ হাতত কংগ্ৰেছ প্ৰাৰ্থী । সেই সময়ৰ অপ্ৰতিদ্বন্ধী বিজেপি নেতা সঞ্জয় দেৱ আৰু ভীম কৰ্মকাৰৰ ৰণকৌশল তথা অক্লান্ত প্ৰচেষ্টা আৰু পৰিবৰ্তনৰ স্বাৰ্থত নগৰ বাসীয়ে ভোট দান কৰি এইদৰে একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতাধিষ্ঠ কৰিছিল গেৰুৱা দলটোৰ প্ৰাৰ্থীক। নগৰ সমিতিখনৰ নিৰ্বাচনৰ পাছত উপ সভাপতি পদবীক লৈ ভীম কৰ্মকাৰ আৰু আনন্দ শৰ্মাৰ মাজত ব্যাপক সংঘাট হৈছিল। পাছত আঢ়ৈ বছৰৰ পাছত পদবী এৰি দিয়াৰ মৌখিক চুক্তিৰে ভীম কৰ্মকাৰ উপ সভাপতি হৈছিল। কিন্তু আঢ়ৈ বছৰ উকলি যোৱাৰ পাছতো কৰ্মকাৰে পদবী এৰাৰ পক্ষপাতী নোহোৱাত সংঘাত বৃদ্ধি হয় বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ।

কিন্তু গুৰুত্বপূৰ্ণ কথা এই আঢ়ৈ বছৰে নগৰ সমিতি খনে ৰাইজৰ আশানুৰূপ ধৰণে একো উন্নতি কৰিব নোৱাৰাৰ অভিযোগ আছে । বৰ্তমান দাবী কৰা মতে ধনৰ অভাৱত প্ৰায় উন্নয়নমূলক কাম – কাজ স্তব্ধ হৈ থকাৰ সময়ত বাকী আঢ়ৈ বছৰ আন্তৰিকতাৰে নগৰ খনৰ উন্নয়নত ব্যস্ত হোৱাতকৈ একাংশ সদস্য নগৰ সমিতি খনৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন ক্ৰমে নিৰু বৰা আৰু দলটোৰ জ্যেষ্ঠ নেতা ভীম কৰ্মকাৰক ক্ষমতাচ্যুত কৰাৰ বাবে উঠি পৰি লাগি থকাৰ বাতৰি ৰাইজৰ মাজত বিয়পি পৰাত ব্যাপক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে এটা সূত্ৰই সভানেত্ৰী নিৰু বৰাৰ বিৰুদ্ধে নহয় উপ সভাপতি কৰ্মকাৰক বিতাড়িত কৰি আনন্দ শৰ্মাক হে স্থলাভিষিক্ত কৰাৰ কুছকাৱাজ চলোৱাৰ বাতৰি প্ৰকাশ কৰিছে।

প্ৰাপ্ত অভিযোগ অনুসৰি নগৰ সমিতিখনত আনকি পৰিস্থিতি এনে পাইছে গৈ যে কাৰ্যালয়তে চেয়াৰমেন বৰাক এগৰাকী সদস্যই টেবুল ঢকিয়াই ঢকিয়াই অশালীন কথাৰে অপদস্ত কৰাৰ কথাও ৰাইজৰ মূখে মুখে । ইতিমধ্যে সভাপতি – উপ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ বাবে ৫ জনীয়া বিসম্বাদী দলটোৱে স্বাক্ষৰ কৰি সাজু হৈ থকা বুলি জানিব পৰা গৈছে। কাইলৈ নগৰ খনৰ এই অচলাৱস্থাৰ সম্পৰ্কে আলোচনা কৰিবৰ বাবেই মহকুমাধিপতিয়ে নিজ কাৰ্যালয়ত এখন সভা আহ্বান কৰা বুলি জানিব পৰা গৈছে ।

 

Related Articles

Leave a Reply

Close