Home / অসম / খিলঞ্জীয়াৰ অধিকাৰ প্ৰাপ্তিৰ উদ্দেশ্যে নগাঁৱত গঠন হ’ল নৰ্থ ইষ্ট ইউনিয়ন

খিলঞ্জীয়াৰ অধিকাৰ প্ৰাপ্তিৰ উদ্দেশ্যে নগাঁৱত গঠন হ’ল নৰ্থ ইষ্ট ইউনিয়ন

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: ৰাষ্ট্ৰসংঘৰ ঘোষিত খিলঞ্জীয়াৰ অধিকাৰ চনদ- ২০০৭ ৰ আধাৰত উত্তৰ পূৱৰ খিলঞ্জীয়াৰ অধিকাৰ প্ৰাপ্তিৰ লগতে সম্পদৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ, ভূখণ্ডৰ জনতাৰ ওপৰত হোৱা প্ৰতিটো দমন অত্যাচাৰ শোষণ লুণ্ঠনৰ বিৰুদ্ধে উত্তৰ-পূৱৰ খিলঞ্জীয়া জনগণক ঐক্যৱদ্ধ কৰাৰ বাবে উদ্দেশ্য কালি নগাঁও বঢ়মপুৰস্থিত “৪২ ৰ শ্বহীদ বাকৰীত উত্তৰ পূৱৰ ৰাজ্যসমূহৰ খিলঞ্জীয়া প্ৰতিনিধিৰ উপস্থিতিত গঠন কৰা হয় “নৰ্থ ইষ্ট ইউনিয়ন ” নামৰ এটি সংগঠনৰ। খিলঞ্জীয়াৰ অধিকাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাৰ পণ লয় সকলো প্ৰতিনিধিয়ে ।

ৰাষ্ট্ৰসংঘৰ উত্তৰ পূৱৰ স্থায়ী সদস্য পংকজ জ্যোতি হাজৰিকা , অমৃত বল্লভ গোস্বামী , ড: লিও মমিন , শংকৰ বাগলাৰী , ৰূপনাথ মিলি, চৈয়দ কমৰুদ্দিনকে মুখ্য কৰি  উক্ত সংকল্প গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে  মণিপুৰৰ সিংহজিৎ শৰ্মীলা , বেটম হুইদ্ৰম , ড: লৰ্হ ফজে , মিজোৰামৰ চি লাল মুইয়ান কিমা , মেঘালয়ৰ ইভাণ্ড মাৰবনিয়াং,অৰুণাচলৰ টাও বিজয়, নগালেণ্ডৰ চুপং ৱাটি জমিৰ  আৰু অসমৰ দেৱজ্যোতি বৰুৱা , নিৰ্মল দত্ত, হৰেন চন্দ্ৰ বৰা, চেমিম আখটাৰ, ধ্ৰুৱজ্যোতি তালুকদাৰ। উল্লেখ্য এইব্যক্তিসকলক লৈ “নৰ্থ ইষ্ট ইউনিয়ন ” নামৰ নৱ গঠিত সংগঠনটোৰ আহ্বায়ক সমিতি গঠন কৰা হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*