শেহতীয়া
Home / অসম /  খেৰণি কৃষি বিভাগ বিজেপি দলীয় কাৰ্যালয়লৈ পৰ্যৱসিত

 খেৰণি কৃষি বিভাগ বিজেপি দলীয় কাৰ্যালয়লৈ পৰ্যৱসিত

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নাভূত-নাশ্ৰুত কাণ্ডই জনতাৰ চকু কঁপালত তুলিছে। সমগ্ৰ দেশৰ লগতে কাৰ্বি পাহাৰতো তদানীন্তন কংগ্ৰেছ দলক নীৰৱে প্ৰত্যাখ্যান কৰি পাহাৰবাসীয়ে পৰিবৰ্তনকামী বিজেপি দলক শাসনৰ ক্ষমতালৈ আনিছিল কাৰ্বি আংলঙত। কিন্তু শাসনৰ বাঘজৰি হাতত লোৱাৰ পাছৰে পৰা দিনক দিনে বিজেপিয়ে প্ৰদৰ্শণ কৰি অহা অহমিকাক লৈ অতিষ্ঠ হৈ পৰিছে এতিয়া কাৰ্বি পাহাৰৰ জনতা।

উল্লেখ্য যে, ইপিনে সাংসদ আৰ পি শৰ্মাই নিজৰ দলৰ মন্ত্ৰী-বিধায়কৰ বিৰোদ্ধে অভিযোগ তুলা বিষয়টোয়ে গৃহ-কন্দলৰ সূচনা কৰি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজেপি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাও আচৰণ নীতি উলংঘা কৰি ৰাইজৰ চকু কঁপালত তুলিছে৷ “জোৰ যাৰ মুলুক তাৰ”-ৰ দৰে বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই জিলা কাৰ্যনিৰ্বাহক সভা খেৰণিস্থিত খেৰণি কৃষি বিভাগৰ বিভাগীয় কৃষক প্ৰশিক্ষণ কেন্দ্ৰ ও অতিথিশালাত অনুস্থিত কৰি নীতি ভংগ কৰিছে বুলি ইতিমধ্যে এক গুৰুতৰ অভিযোগ উঠিছে।

অৱশ্যে উল্লেখিত অতিথিশালাৰ প্ৰেক্ষাগৃহত কাৰ্যনিৰ্বাহক সভা অনুস্থিত কৰাক লৈ ৰাইজে তথা সচেতন মহলে প্ৰাৰম্ভিক অৱস্থাত কোনো ওজৰ-আপত্তি কৰা নাছিল যদিও আচম্বিতে বিভাগটোৰ চৌহদত বিজেপিৰ দলীয় পতাকা ওলমাই ৰখা আৰু বিভাগটোৰ স্থায়ী মুখ্য প্ৰৱেশদ্বাৰত কাষতেই প্ৰতিনিধি আৰু দলীয় কৰ্মীক উষ্ম আদৰণি জনায় বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই নিৰ্মাণ কৰা অস্থায়ী তোৰণ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে বিজেপি বিৰোধী ৰাজনৈতিক দলৰ কৰ্মীসকলৰ লগতে সচেতন মহলে।

এক কথাত ক’বলৈ গলে বিজেপিৰ নীতিভ্ৰষ্ট কৰা কাৰ্যক লৈ ব্যাপক সমালোচনা হোৱাৰ লগতে বিষয়টোয়ে এতিয়া তুমূল চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটোত। ইফালে, এনে কাৰ্যসূচী সন্দৰ্ভত তথা অতিথিশালা বিচাৰি আৰ্জি লাভ কৰা কৃষি বিভাগৰ বিষয়া তপন দত্তক সোধ-পোছ কৰাত জানিবলৈ দিয়ে যে, প্ৰকৃততে কৃষক প্ৰশিক্ষণ কেন্দ্ৰ ও  অতিথিশালাৰ প্ৰেক্ষাগৃহত এখন অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা অনুস্থিত হ’ব বুলি এখন আৰ্জি লাভ কৰিছিল তেওঁ৷

ইয়াৰ বাহিৰে বিভাগটোৰ চৌহদত বিজেপিৰ দলীয় পতাকা অথবা প্ৰৱেশদ্বাৰত তোৰণ নিৰ্মান কৰাৰ কথা আৰ্জিত উল্লেখ কৰাটো দূৰৰে কথা আনকি এই সম্পৰ্কে মৌখিকভাৱেও অৱগত কৰা নাছিল বিষয়াগৰাকীক বিজেপি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আৰু সচেতন মহলে বিজেপিৰ এনে কাণ্ডক লৈ লজ্জানত অনুভৱ কৰিছে আৰু নীতি ভংগ কৰা বুলি দলটোৰ বিৰোদ্ধে অভিযোগ উত্থাপন কৰিছে। আনহাতে, অনুস্থিত সভাত দুগৰাকীকৈ কাৰ্বি পৰিষদৰ পৰিষদীয় জনপ্ৰতিনিধিৰ বিপৰীতে স্বয়ং পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ সভাপতি অৰুণ টেৰাং উপস্থিত থকাৰ পাছত কিদৰে আচলতে এনে কাৰ্যই স্থান লাভ কৰিলে তাকলৈও হাজাৰ জনৰ মনত হাজাৰ প্ৰশ্নৰ সৃষ্টি হৈছে।

এতিয়া নীতি, আদৰ্শ, দুৰ্নীতিমুক্ত, বিদেশীমুক্ত আদিৰ শ্ল’গান দি থকা দলটোৰ অংগস্বৰূপ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই কৰা নীতি ভংগৰ এনে কাৰ্যক লৈ কোন বাৰু জগৰীয়া বুলি কোটীটকীয়া প্ৰশ্ন উত্থাপন হৈছে? ইয়াৰ বাবে জগৰীয়া দল নে সংশ্লিষ্ট কৃষি বিভাগটোৰ উৰ্ধতন বিষয়া বুলিও এতিয়া এক অবুজ প্ৰশ্নৰ বিৰাজ ঘটিছে অঞ্চলটোত থকা জনতাৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*