অসম

খৰচ নকৰাকৈ বন বিভাগত পৰি আছে ১২৮ কোটি টকা 

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: যিটো সময়ত ৰাজ্য চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগে পুঁজিৰ অভাৱত বিভিন্ন আচনিৰ কাম ৰূপায়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে, ঠিক সেই সময়তে ৰাজ্য চৰকাৰৰ বন বিভাগে কাম নকৰাকৈ কোটি কোটি টকা ৰাজকোষত অবাৱত পেলাই থোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনেদৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিব নোৱাৰা কাৰ্যই বন বিভাগৰ কৰ্ম সংস্কৃতিৰ নগ্ন স্বৰূপটো উদঙাই দিছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত নগাঁৱৰ আৰ টি আই কৰ্মী নৰেন্দ্ৰ প্ৰসাদ চৌহানে ৰাজ্যৰ বন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্পৰ অধীনত বিভাগটোত ২০১২-১৩ বৰ্ষৰ পৰা ২০১৬-১৭ বৰ্ষ লৈকে ১২৮ কোটি ৯১ লাখ টকা খৰচ নকৰাকৈ পেলাই থোৱা ঘটনাটো অতি উদ্বেগ জনক। উক্ত সময়চোৱাত বিভাগটোৱে ৰাজ্যৰ মুঠ ৫৯ সংমণ্ডলৰ বিপৰীতে আবন্টন লাভ কৰিছিল সৰ্বমুঠ ১৯৬ কোটি ৮২ লাখ ৫০ হাজাৰ টকা।

একেটা তথ্যত প্ৰকাশ কৰা অনুসৰি ২০১২-১৩ বৰ্ষৰ পৰা ২০১৬-১৭ বৰ্ষলৈকে ৫৯ টা বন সংমণ্ডললৈ উক্ত প্ৰকল্পৰ অধীনত মাত্ৰ ৬৭,৯০,৭৩,৫০৬ টকা খৰচ কৰিবলৈ সমৰ্থ হৈছে।

উল্লেখ্য যে, ২০১৩-২৩ বৰ্ষত ৫৫,২৬,৪৫০৬ টকা,২০১৪-১৫ বৰ্ষত ২১,৮৪,০৭,০০০টকা, ২০১৫-১৬বৰ্ষত ৪,৩৫,০১,০০০ টকা আৰু ২০১৬-১৭ বৰ্ষত ৩৬,১৯,০১,০০০টকা ব্যয় কৰা হয়। বননীকৰন, পথ নিৰ্মাণ, গৃহ নিৰ্মাণ, মেৰামতি, গাড়ী ক্ৰয়, ফেন্সিং আদি অন্যান্য শিতানত উক্ত বৃহৎ পৰিমাণৰ ধন খৰচ কৰা দেখুওৱা হৈছে যদিও আবন্টিত ধনৰ ১০০ কোটিৰো অধিক ধন ব্যয় কৰিব নোৱাৰাটো গুৰুত্বপূৰ্ণ দিশ হিচাবে বিবেচিত হৈছে। ইপিনে,২০১৩-১৪ বৰ্ষত নগাৱলৈ ২৪ লাখ ২২ হাজাৰ ৫০০ টকা আবন্টন দিয়াৰ লগতে ২০১৪-২৫ বৰ্ষত ৮৫,৬৭,৬৮১টকা, ২০১৫-১৬ বৰ্ষত ৯৩,৮০,১৪২টকা আৰু ২০১৬-১৭ বৰ্ষত ১,১৯,৯৪,৭৫০ টকা আৱণ্টন দিয়ে। এনেদৰে দক্ষিণ নগাঁও বন সংমণ্ডললৈ ২০১৩-১৪ বৰ্ষত ৩৮,৬১,৯০০ টকা, ২০১৪-১৫ বৰ্ষত ৫৫,৪৯,১৫৫ টকা,২০১৫-১৬ বৰ্ষত ১,১৭,৮৫,৪৮০ টকা আৰু ২০১৬-১৭ বৰ্ষত ৮৯,০০,৪০০ টকা আবন্টন দিয়া হয়। তদুপৰি নগাঁও সামাজিক বননীকৰন সংমণ্ডললৈ ২০১৬-১৭ বৰ্ষত ১,২০,৩৭,৬০০ টকা আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডললৈ ২০১৪-১৫ বৰ্ষত ২৮ লাখ, ২০১৫-১৬ বৰ্ষত ৬৫লাখ আৰু ২০১৬-১৭ বৰ্ষত ৩৫,৫৩,৪৮০ টকা আবন্টন দিয়া হয়।

ইয়াৰ উপৰিও উক্ত প্ৰকল্পৰ অধীনত ৰাজ্যিক চিৰিয়াখানালৈ ২০১৫-১৬ বৰ্ষত ২৪ হাজাৰ আৰু ২০১৬-১৭ বৰ্ষত ১,৩৪,৩৯,২৯৬ টকা আবন্টন দিয়া হয়। শেহতীয়াকৈ জানিব পৰা মতে ৰাজ্যৰ বন বিভাগৰ অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্পৰ অধীনত ১০০ কোটি টকাৰো অধিক পৰিমানৰ ধন জমা থকাৰ পিছতো চলিত বিত্তীয় বৰ্ষত এই পৰ্যন্ত এটা টকাও খৰচ নকৰাকৈ পেলাই থোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

এক অভিযোগ অনুসৰি বন বিভাগৰ এই প্ৰকল্প ৰূপায়নত ব্যাপক অনিয়‌ম সংঘটিত হোৱাৰ লগতে কমিচন ৰাজৰ অংক চলাৰ ফলতেই প্ৰকল্পৰ কোটি কোটি টকাৰ অব্যহৃত হৈ আছে।

 

Related Articles

Leave a Reply

Close