অসম

গদাধৰ ধুবুৰী জিলা কবিচক্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ চতুৰ্থ অৰ্ঘ্য

নিউজ ডেস্ক,প্ৰথম খবৰ: ১৫ অক্টোবৰ তাৰিখে গীত-কবিতাৰে মুখৰিত হ’ল ধুবুৰীৰ কৃষি প্ৰধান অঞ্ছল চাপৰ। অসমৰ বিভিন্ন প্ৰান্তৰ ন-পুৰণি কবি-সাহিত্যিকৰ কবিতাৰ শেৱালি বৰষুণত একাত্ম হ’ল চাপৰবাসী।ধুবুৰী জিলা কবি চক্ৰ গদাধৰৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাব্যানুষ্ঠানত সুললিত কণ্ঠেৰে সকলোকে আপ্লুত কৰে চৈয়দা ফাৰহাজ চাহানাই।ধুবুৰী জিলা কবি চক্ৰ গদাধৰৰ সভাপতি শিক্ষাবিদ দেৱেন্দ্ৰ নাথ শৰ্মাই সঞ্ছালনা কৰা আৰু গদাধৰৰ সম্পাদক কবি অহিদ খান পেৰিছে উদ্দেশ্য ব্যাখ্যা কৰা এই কবি সন্মিলনত কবিতা পাঠ কৰে ক্ৰমে চন্দ্ৰা বৰ্মন,আবুল হাচান শ্বেইখ,অহিদ খান পেৰিছ,জাকিৰ হুচেইন,দিবাকৰ ৰেণু,জোনজ্যোতি তালুকদাৰ,উৎপল কুমাৰ তালুকদাৰ,নয়নতৰা বৰ্মন,ধীমান দাস,তছিম উদ্দিন আহমেদ,তিলক প্ৰসাদ,মিনাক্ষী ৰায় ডাকুৱা,দীপিকা দাস চৰকাৰ,কিৰণ মেধি,সুৰজিৎ দেৱনাথ,প্ৰণতি অধিকাৰী,ইন্দিৰা সিংহ,আন্জুৱাৰা আহমেদ,নুৰেজা বেগম,ধনঞ্জয় সিনহা,কমলা দেৱী,মন্জুলা দাস,মনোৱাৰা আৱেদিন,ৰীণা সিংহই।কবিতাৰ অনুষ্ঠানটোত কবি জোনজ্যোতি তালুকদাৰৰ “নষ্ট দিনৰ উৎসৱ” শীৰ্ষক কবিতাই সকলোকে আপ্লুত কৰে আৰু এই প্ৰসংগত বিশিষ্ট কবি কন্দৰ্প বৰপুজাৰীয়ে তেখেতক ভূয়সী প্ৰসংশা কৰে।অনুষ্ঠানৰ লগত সংগতি ৰাখি কবি জাকিৰ হুচেইন সম্পাদিত “গদাধৰ”নামৰ পত্ৰিকাখন উন্মোচন কৰে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তছিম উদ্দিন আহমেদে।অধক্ষ্য তছিম উদ্দিন আহমেদ,দীনেন গোস্বামী,শিবানী দাস, আদিয়ে গীত পৰিৱেশন কৰা অনুষ্ঠানটোত স্থানীয় ভাষাৰ কবিতা পাঠ কৰে হেদায়েৎ উল্লাহ,বক্তব্য ৰাখে জাকিৰ হুচেইন,আবুল হাচান শ্বেখ।সদৌ শেষত স্থানীয় খাদ্য সম্ভাৰেৰে অতিথিসকলক অাতিথ্য জনাই অনুষ্ঠান সামৰা হয়।

Related Articles

Leave a Reply

Close