অসম

গদাধৰ ধুবুৰী জিলা কবি চক্ৰৰ ২৬ তম প্ৰতিষ্ঠা দিৱস

ধুবুৰীৰ পৰা দিবাকৰ ৰেণুৰ প্ৰতিবেদন,প্ৰথম খবৰ:অসমৰ ঐতিহাসিক ধুবুৰী জিলাৰ সাহিত্য সাংস্কৃতিৰ এক অন্যতম অনুষ্ঠান গদাধৰ ধুবুৰী জিলা কবিচক্ৰৰ আজি ২৬ তম প্ৰতিষ্ঠা দিৱস।আজিৰ পৰা প্ৰায় ২৫ বছৰ আগতে ঐতিহ্যমণ্ডিত ধুবুৰীত মহাবাহু ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নদীৰ সংগমস্থলত অভীক সাংস্কৃতিক কাৰ্যালয়ত ১৯৯২ চনৰ ১’নৱেম্বৰ তাৰিখে গদাধৰ কবিচক্ৰৰ জন্ম হৈছিল।জন্মলগনত জৰিত থকা ব্যক্তি সকলৰ ভিতৰত আছিল সভাপতি নীৰেশ লোচন চক্ৰবৰ্ত্তী,সাধাৰণ সম্পাদক কাছেমা খাতুন,পত্ৰিকা সম্পাদক দীনবন্ধু ডেকা(এ,চি,এছ বিষয়া)সহকাৰী সম্পাদক অহিদ খান পেৰিছ আৰু আন আন সদস্য সকল যথাক্ৰমে তুষাৰ কান্তি চৌধুৰী,কামাল ঘোষ,আৰু দিবাকৰ শৰ্মা ইত্যাদি।তেতিয়াৰ পৰা গদাধৰ ধুবুৰী জিলা কবি চক্ৰই ধুবুৰী জিলাৰ বিভিন্ন ঠাইত গীত মাত কবিতাৰ অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজৰ মাজত ভাষা সাহিত্য সংস্কৃতিৰ সোঁ‌ত বোৱাই নিয়াত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ১৯৯৫ চনত অনুষ্ঠিত হোৱা এখন কাৰ্য্য নিৰ্বাহক সভাত গদাধৰ ধুবুৰী জিলা কবিচক্ৰৰ এখন নতুন সমিতি গঠন হয়। সভাপতি হিচাপে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক শিক্ষাবিদ, সাহিত্যিক দেবেন্দ্ৰ নাথ শৰ্মা,উপসভাপতি সাহিত্যিক কাছেমা খাতুন, সাধাৰাণ সম্পাদক হিচাপে চিত্ৰশিল্পী, নাট্যকৰ্মী অহিদ খান পেৰিচ মনোনিত হয়।গদাধৰ ধুবুৰী জিলা কবিচক্ৰই জিলা খনৰ বিভিন্ন ঠাইত অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ লগতে বছৰত দুখনকৈ পত্ৰিকা প্ৰকাশ কৰি আছে।ইয়াৰোপৰি মাজে সময়ে বিশেষ বিশেষ উৎসৱ আৰু দিৱসতো গদাধৰ পত্ৰিকা প্ৰকাশ কৰি ন-পুৰণি কবি সকলৰ ভিন্ন স্বাদৰ কবিতা প্ৰকাশ কৰি আহিছে।২০১৪ চনৰ পৰা গদাধৰ ধুবুৰী জিলা কবি চক্ৰই বছৰেকত দুখন পত্ৰিকাৰ বিপৰীতে তিনিখনকৈ পত্ৰিকা যথাক্ৰমে এপ্ৰিল মাহত বসন্ত সংখ্যা,১৪ আগষ্ট তাৰিখে স্বাধীনতা দিৱস সংখ্যা আৰু১ নৱেম্বৰ তাৰিখে প্ৰতিষ্ঠা দিৱস সংখ্যা প্ৰকাশ হোৱাৰ উপৰিও বিভিন্ন দিৱসত যথাক্ৰমে ধুবুৰীত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধিৱেশনত এখন কবিতাৰ সংকলন প্ৰকাশ কৰা হৈছে।

এইবেলি গদাধৰ ধুবুৰী জিলা কবিচক্ৰৰ ৰূপালী জয়ন্তী বৰ্ষত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ,বিলাসীপাৰা,চাপৰত কবি সন্মিলন অনুষ্টিত কৰাৰ উপৰিও এখনকৈ কবিতাৰ সংকলন প্ৰকাশ কৰি ন-পুৰণি লেখক সকলক উৎসাহিত কৰাৰ চেষ্টা কৰিছে। কবিচক্ৰৰ কাম কাজত সন্তুষ্ট হৈ ধুবুৰী জিলা প্ৰকাসনে এইবেলি ১৫ আগষ্ট ২০১৭ তাৰিখে ৭১তম স্বাধীনতা দিৱসত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা,ধুবুৰীময়দানত ৰাজহুৱা ভাৱে গদাধৰ ধুবুৰী জিলা কবিচক্ৰক ” Best NGO Award’2017 ” সন্মানেৰে সন্মানিত হোৱাত অনুষ্ঠানটোৱে অধিক উৎসাহিত হয়।কবিচক্ৰই বিভিন্ন ঠাইত গল্পৰ কৰ্মশালা,আলোচনা চক্ৰ,আদিও অনুষ্ঠিত কৰি আহিছে|

কাইলৈ গদাধৰ ধুবুৰী জিলা কবিচক্ৰৰ ২৬ তম প্ৰতিষ্ঠা দিৱস ধুবুৰী সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’ব।এই অনুষ্ঠানত গীত,মাত, কবিতা আবৃত্তিৰ লগতে সুধীজনক সম্বৰ্ধনা আৰু শিক্ষাবিদ জাকিৰ হুচেইন সম্পাদিত ৮০ তম গদাধৰ সংখ্যাটিও প্ৰকাশ কৰা হ’ব।

 

 

Related Articles

Leave a Reply

Close