অসম

গুণোৎসৱত গ্ৰেড এ প্লাচৰ শীৰ্ষ চি আৰ চিক শিৱসাগৰ জিলা শিক্ষা বিভাগৰ ১০ হাজাৰ পুৰস্কাৰ ঘোষণা 

প্ৰথম খবৰ শিৱসাগৰ: অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমোল পৰিবৰ্তন অনাৰ পৰিকল্পনা যোগে বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত কৰাৰ কাঢ়া নিদ্দেশৰ ফলশ্ৰুতিত শিৱসাগৰ জিলাখনৰ বিদ্যালয় সমূহত গুণোৎসৱে শিক্ষক সকলৰ গাত তৰণি হেৰুৱাই একলেখিয়া চকুৰ টোপনি হৰণ কৰিছে। অসম চৰকাৰে শিক্ষাৰ মানদণ্ড প্ৰাথমিক পৰ্য্যায়ৰ পৰা উত্তৰণৰ বাবে বিদ্যালয় সমুহত অনুষ্ঠিত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱে শিৱসাগৰৰ বহু বিদ্যালয়ৰ সম্প্ৰতি এক নতুন ৰূপ ধাৰণ কৰিছে।

বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক সকলৰ বাবেও যেন এক পৰীক্ষাৰ সময় সমাগত তাক শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ প্ৰস্তুতিয়ে প্ৰমাণ কৰিছে। বিদ্যালয়ৰ শৈক্ষিক দিশকে ধৰি ছাত্ৰ ছাত্ৰীৰ সকলো দিশ বিকাশৰ ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক সকল কিমান সচেতনতাক পৰিচয় শিৱসাগৰ জিলাত অহা ১০ অক্টোবৰ পৰা ১৩ অক্টোবৰলৈকে উদযাপিত হব লগা গুণোৎসৱতে প্ৰকাশ পাব।

এই উৎসৱত শিৱসাগৰ জিলাৰ যিজন চি আৰ চিয়ে ক্লাছতাৰত গ্ৰেড এ প্লাচৰ শীৰ্ষ উপণিত হব তেওঁক শিৱসাগৰ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা ১০ হাজাৰ টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰিব বুলি শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলে জানিবলৈ দিছে। আৰু যি খন বিদ্যালয়ে সফলতা অৰ্জন কৰিব নোৱাৰিব সেইখন বিদ্যালয়ৰ ওপৰত শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে।

তদুপৰি জিলাখনৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ প্ৰাকমুহুত্বত শিৱসাগৰ জিলা প্ৰশাসনিক বিষয়াৰ লগতে শিক্ষা বিষয়াই যিকোনো সময়তে বিদ্যালয় সমুহ পৰিদৰ্শন কৰি ইতিমধ্যে অকৃৰ্তিত্বশীলভাৱে বিদ্যালয়ত অনুপস্থিত পঞ্চাশ জনৰোধীক শিক্ষক কৰ্মচাৰীৰ ওপৰত শাস্তি মূলক ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে। সেয়ে এতিয়া শিৱসাগৰ জিলাত বিদ্যালয় সমুহৰ গুণোৎসৱৰ জ্বৰত থৰ হৰি কম্পমানে বিৰাজ কৰিছে।

শিৱসাগৰ জিলা উপায়ুক্ত গৰাকীয়ে এই গুণোৎসৱ সফলতা লাভ কৰিবলৈ জিলাখনৰ প্ৰতিজন বিষয়াকে নিয়োগ কৰিছে। চৰকাৰে বৰ্তমান প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষাৰ গুণগত মান উন্নতকৰাৰ পৰিকল্পনাৰেই বিদ্যালয় বিলাকত গুণোৎসৱৰ পতাৰ ব্যৱস্থা কৰি এই দ্বিতীয় পৰ্য্যায়ৰ প্ৰস্তুতি অহা দহ অক্টোবৰৰ পৰা তেৰ অক্টোবৰত সামৰণি পৰিব। গুণোৎসৱৰ মূল্যায়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ ব্যৱধান সমূহ চিনাক্ত হ’ব। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ লগতে সৰ্বশিক্ষা অভিযানৰ জৰিয়তে অসমত ইতিমধ্যে ৮ খন জিলাত গুণোৎসৱৰ কাৰ্যসূচী সফলতাৰ ৰূপায়ণ হৈছে। শিৱসাগৰ জিলাতো অহা ১০ অক্টোবৰৰ পৰা মূল্যায়ন হ’ব।

জিলাখনৰ প্ৰতিটো বিভাগৰ বিষয়া সকলেও জিলাখনক উৎসৱৰ যোগে শীৰ্ষত নাম ক্ষুদিত কৰাৰ বাবেও আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। ইফালে বিদ্যালয়সমূহৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই গুণোৎসৱত অংশগ্ৰহণ কৰাতো বাধ্যতামূলক কৰিছে বুলি শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আব্দুল জেলিলে জনিবলৈ দিছে।

Related Articles

Leave a Reply

Close