অসমশীৰ্ষ

গুৱাহাটীত দিনতেই আঠুৱাৰ তলত মানুহ কিয়?

নিউজ ডেস্ক, প্ৰথম খবৰ: ডেংগু বিয়পোৱা মহৰ সন্ত্ৰাস চলিছে গুৱাহাটীত৷ এডিচ মহে কামোৰাৰ ফলত ঘৰে ঘৰে ডেংগুৰ প্ৰাদুৰ্ভাৱ ঘটিছে গুৱাহাটীত৷ যাৰ বাবে দিনতেই আঠুৱাৰ তলত আশ্ৰয় লৈছে মহানাগৰিকে৷ নুনমাটি, নাৰেংগী, উজান বজাৰ, ফটাশিল আমবাৰী, লালগণেশ, উলুবাৰী, পাণ্ডু, মালিগাও, গোশালাকে ধৰি গুৱাহাটীৰ প্ৰায়বোৰ জনাকীৰ্ণ এলেকাত এতিয়াৰ সন্ত্ৰাস ডেংগুৰ৷ মহানগৰীখনৰ নুনমাটি, নাৰেংগী এলেকাতে সৰ্বাধিক পাঁচজন লোক ডেংগুত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লৈছে৷ যাৰ বাবে চৰকাৰ প্ৰশাসনৰ ভূমিকাত ক্ষুন্ন নুনমাটি ছাত্ৰসন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে৷

ইপিনে, গুৱাহাটীৰ পিছতেই ডেংগুত আক্ৰান্ত সৰ্বাধিক তিনিচুকীয়াত ৬৪জন, যোৰহাটত ৩৩, গোলাঘাট ৩০ জন, আনপিনে বাক্সা, বৰপেটাতো আক্ৰান্ত হৈছে ডেংগু ৰোগত৷
কিন্তু চৰকাৰী তথ্য মতেই গুৱাহাটী মহানগৰীত সৰ্বাধিক ১৬০২ জন লোক আক্ৰান্ত হোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close