অসম

গোৱালপাৰাৰ বাকাইটাৰীত আজি শিল্পী অনুকুল নাথৰ স্মৃতি দিৱস

গোৱালপাৰাৰ চেঁচাপানীৰ পৰা মনোৱাৰ হুছেইন, প্ৰথম খবৰ: শিল্পী অনুকুল নাথৰ স্মৃতিত আজি অনুষ্ঠিত হ’ব স্মৃতি দিৱস৷ ইয়াৰ বাবে সম্প্ৰতি গোৱালপাৰা জিলাৰ দুধনৈৰ কাষৰীয়া বাকাইটাৰীত চলিছে পূৰ্ণ গতিত প্ৰস্তুতি৷  জানিব পৰা মতে, স্মৃতি দিৱসৰ কাৰ্যসূচীত ৰাজ্যখনৰ বহু শিল্পী তথা বৰেণ্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব৷।

উল্লেখ্য যে, দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বতে ১৯৩৭ চনতে শিল্পী অনুকূল নাথে প্ৰথমে চিনোলা কোম্পানীত গীত বানীবন্ধন কৰিছিল ড° ভূপেন হাজৰিকা আৰু বিষ্ণু ৰাভাৰ সৈতে ৷ সেই সময়ত উত্তৰ পূৰ্ব্বাঞ্চল অথবা কলিকতাত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাই নাছিল ৷ তেতিয়াৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তত গীত গাইছিল এই গৰাকী গোৱালপাৰীয়া শিল্পী অনুকুল নাথে ৷

Related Articles

Leave a Reply

Close