অসম

গোৱালপাৰাৰ শিমলীতোলাত আৰক্ষীৰ অতৰ্কিত অভিযান, তেলৰ আৰ্হিত দোকানত বিক্ৰী কৰা চুলাই জব্দ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ পাৰ্শ্বৱৰ্তী গোৱালপাৰা জিলাৰ শিমলীতোলাত সৰ্বত্ৰ সুলভ এতিয়া লোকেল চুলাই ৷ দিনতো বিক্ৰি কৰে, ৰাতিও বিক্ৰি কৰে, চুলাই নহয় যেন দোকানৰ তেলৰ পেকেটহে৷ দিনে-নিশাই চুলাইৰ বগা প্লাষ্টিক’ৰ পেকেট অঞ্চলটোৰ য’তে-ত’তে পোৱা যায়৷

আজি সন্ধিয়া শিমলীতোলা আৰক্ষী চকীৰ এদল আৰক্ষীয়ে অতৰ্কিত অভিযান চলাই অঞ্চলটোৰ গেৰুৱা তিনিআলী চ’কৰ এখন দোকানৰ পৰা বেচিবলৈ সাজু কৰি ৰখা এই সমূহ চুলাইৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয়৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও এই স্থানৰ পৰা একাধিকবাৰ মোনাই-মোনাই চুলাইৰ পেকেট উদ্ধাৰ কৰিছিল আৰক্ষীয়ে, চুলাইৰ বিৰুদ্ধে মাৰ বান্ধি ওলাইছিল গাঁৱৰ মহিলা৷ পিছে সকলো অসাৰ হ’ল, কামত নাহিল আৰক্ষী-ৰাইজৰ ফটোৱা৷ বিক্ৰী কৰিয়েই থাকিল চুলাইৰ পেকেট। চুলাই নহয় যেন-পনীয়া সুধা, যাক গলাধঃকৰণ কৰিবলৈ নিতৌ ঠাইখনত শাৰী পাতে দূৰ-দুৰণিৰ বহু নিয়মীয়া গ্ৰাহক।

আৰক্ষীৰ আজিৰ এনে সফলতাক ৰাইজে শলাগিলে লগতে আগলৈ এই মাৰাত্মক বৰবিহৰ প্ৰচলন সমুলান্সে ৰোধ কৰাৰ বাবে স্থানীয় সচেতন ৰাইজে জনালে আহ্বান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close