অসম

গোৱালপাৰা জিলাত চলিছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি

প্ৰথম খবৰ, নিউজ ব্যুৰ’: ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰোপাৰা বনাঞ্চলত মূল্যৱান শাল গছ কাটি তহিলং কৰি আহিছে চোৰাং কাঠ ব্যৱসায়ী সকলে৷ ৰংজুলিৰ বনকৰ্মী সকলে শুক্ৰবাৰে খেৰোপাৰা অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে আভিযান চলায় ৷ এই অভিযান কালত বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বনকৰ্মী সকলে ৷

৫২ টা শাল গছৰ কুণ্ডা জব্দ কৰে বন বিভাগে। অৱশ্যে কোনো চোৰাং কাঠ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল অভিযানত ৷ পিছত ৰংজুলি আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ শাল গছ খিনি ৰংজুলি বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয়। বন বিভাগে ধাৰাবাহিকভাৱে অভিযান চলাই আছে যদিও গোৱালপাৰা জিলাত কমা নাই চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম।

দীৰ্ঘদিন ধৰি এই খেৰোপাৰা বনাঞ্চলত মুল্যৱান শালগছ কাটি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে চোৰাং কাঠ ব্যৱসায়ী সকলে ৷ উল্লেখযোগ্য যে এই খেৰোপাৰাতে যোৱা ৯ এপ্ৰিলত চোৰাং কাঠ ধৰিবলৈ যাওঁতে চোৰাং ব্যৱসায়ীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হৈছিল বনাঞ্চলিক বিষয়া, মহিলা বন বিষয়াসহ এটা বনকৰ্মীৰ দল। সেই একেই স্থানতে শুকুৰবাৰে জব্দ হয় এই বৃহৎ পৰিমাণৰ শাল কাঠ।

Related Articles

Leave a Reply

Close