শেহতীয়া
Home / অসম / চাংসাৰিৰ গুণোৎসৱত মুখ্য সচিব ভি কে পিপাৰচেনীয়া আৰু উপায়ুক্ত বিনোদ শেষান

চাংসাৰিৰ গুণোৎসৱত মুখ্য সচিব ভি কে পিপাৰচেনীয়া আৰু উপায়ুক্ত বিনোদ শেষান

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰিত আজি ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ শেষান অসমৰ শিক্ষা বিভাগৰ দ্বাৰা চালিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসবত কৰৰা শিক্ষা খণ্ডৰ অধীনস্থ চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈছিল। মূখ্য সচিব গৰাকীৰ লগতে জিলা উপায়ুক্ত বিনোদ শেষান, অতিৰিক্ত উপায়ুক্ত যতীন বৰা আৰু বিদ্যালয় পৰিদৰ্শকগৰাকী গুণোৎসৱ উপলক্ষে উপস্থিত থাকি ১৯৫০ চনতে স্থাপন হোৱা চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়ে কিছু আভাস গ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ বিভিন্ন দিশ সমূহৰ ওপৰত চকু ফুৰাই।

জানিব পৰা মতে, যোৱাকালি এই বিদ্যালয়খনত গুণোৎসৱ উপলক্ষে মূল্যায়ন শিকনৰ পঠন পৰীক্ষাত পঞ্চম মানৰ পৰা অষ্টম মানলৈ চাৰিটা শ্ৰেণীত একেই প্ৰশ্নকাকতৰে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াক লৈ কেনেকৈ ছাত্ৰ-ছাত্ৰীৰ গুণগত মান নিৰ্ধাৰণ কৰা হ’ব এয়াও চৰ্চিত ও উল্লেখিত হৈছিল।

এই বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাত আজি বিদ্যালয় কৰ্তৃপক্ষ কিছু সষ্টম হোৱা পৰিলক্ষিত হৈছিল। ইয়াক লৈ অঞ্চলটোৰ একাংশ সচেতন ব্যক্তিৰ মাজত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। একাংশ সচেতন ৰাইজৰ মতে বিদ্যালয় পৰিচালনা সমিতিৰ অমনোযোগিতা আৰু বিদ্যালয়ৰ অধ্যক্ষাৰ লগতে একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ ভূলৰ বাবেই সেই কাণ্ড সংঘটিত হৈছিল বুলি উল্লেখ কৰিছে। এনেখন বিদ্যালয়ে এতিয়া চৰকাৰৰ পৰা গুণোৎসবৰ চৰকাৰী মূল্যাংকনত ভাল গ্ৰেড পাবলৈ সক্ষম হ’ব নে নহ’ব ইয়াক লৈ চিন্তিত হৈ পৰিছে চাংসাৰি অঞ্চলৰ একাংশ সমাজ সচেতন ব্যক্তিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*