অসম

চামগুৰিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ, বঢ়মপুৰ: নগাঁও জিলাৰ চামগুৰিৰ আমনিত ক্ষুব্ধ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। আমনি গড়চুকৰ ৰাইজ ৰাজপথলৈ ওলাই আহি অঞ্চলটোত বৃহৎ শিলৰ কোৱাৰি স্থাপনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে। ব্যৱসায়ী ৰাজনীশ জৈনে আমনিত বৃহৎ কোৱাৰি স্থাপন কৰাত আমনিৰ প্ৰাকৃতিক পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ স্থানীয় ৰাইজৰ। নগাঁও জিলা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী। অন্যথা পুনৰ জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ ৰাইজৰ।

Related Articles

Leave a Reply

Close