অসম

চামগুৰিত ৰাস মহোৎসৱৰ প্ৰস্তুতি

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: নগাঁও জিলাৰ চামগুৰিত তিনি আৰু চাৰি নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ চামগুৰি পূজা মণ্ডপত অনুষ্ঠিত হ’বলগীয়া ৭১ তম্ সাৰ্বজনীন ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি তিনি নৱেম্বৰৰ পুৱা উষা কীৰ্তন, দুপৰীয়া নাম প্ৰসংগ আৰু নিশা শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা পৰিৱেশন হ’ব ৷ চাৰি নৱেম্বৰৰ দিনৰ দুই বজাত বোৱাৰী-ছোৱালীৰ দ্বাৰা মহাৰাস আৰু নিশা ভূপেন বৰাৰ পৰিচালনাত স্থানীয় শিশু শিল্পীসকলৰ দ্বাৰা অংকীয়া ভাওনা “পৰশুৰামৰ মাতৃহত্যা” মঞ্চস্থ হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

Related Articles

Leave a Reply

Close