অসম

চেঙাৰ বামপাৰাত লক্ষ্মী পূজা

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ চেঙাৰ বামপাৰাত বামপাৰা ত্ৰিৰংগ সংঘৰ সৌজন্যত আৰু বামপাৰা গাঁও উন্নতি সাধিনী সভাৰ উদ্যোগত তিনিদিনীয়াকৈ ২৭ তম শ্ৰীশ্ৰী মহালক্ষ্মী পূজা বামপাৰা শিৱ মন্দিৰ প্ৰাংগণত উদযাপন কৰা হয়। ৫, ৬ আৰু ৭ অক্টোবৰত এই পূজা অনুষ্ঠিত হৈ যায়। ৫ অক্টোবৰত পুৱা মুখ্য দ্বাৰ উন্মোচন, পতাকা উত্তোলন আৰু প্ৰভাত ফেৰীৰে পূজাৰ শুভাৰম্ভ কৰা হয় । সন্ধিয়া ৬.১৫ বজাত বেদীত প্ৰতিমা স্থাপন কৰা হয়।

আনহাতে ৬ অক্টোবৰত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপৰ বৰপেটা জিলা সমিতিৰ উপ- সভাপতি ৰবিউল হুছেইনে। হুছেইনে মঞ্চ উদ্বোধন কৰি ভাষণ প্ৰসংগত নাৰীসকলক লখিমীৰ লগত তুলনা কৰি কয় যে -“আমাৰ ঘৰত থকা লক্ষ্মীসকলক আমি নিৰাপত্তা দিব লাগিব।এতিয়াও আমাৰ সমাজত নাৰী নিৰ্যাতন হৈ আছে।যৌতুকৰ বাবে নাৰীক হত্যা কৰা, যৌতুকৰ বাবে নাৰীক মানসিক-শাৰীৰিক অত্যাচাৰ কৰা,ডাইনীৰ সন্দেহত নাৰীক হত্যা কৰা আদি ঘটনাবোৰ সমাজৰ পৰা নাইকীয়া কৰিব লাগিব। যদি এইবোৰ চলিয়েই থাকে লক্ষ্মীদেৱী, দুৰ্গা দেৱীক পূজা কৰাৰ সাৰ্থক নহ’ব। এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হ’ব লাগিব। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব লাগিব।” সাংস্কৃতিক অনুষ্ঠানত টেটোন তামূলী খ্যাত দিব্যজ্যোতি দাসে কৌতুক অভিনয় কৰি দৰ্শকক মোহিত কৰি তোলে।

Related Articles

Leave a Reply

Close