অসম

চেঙাৰ ৰৌমাৰী গাঁৱত অগপৰ সাধাৰণ সভাত আঞ্চলিক সমিতি গঠন

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগণত আজি অসম গণ পৰিষদৰ পঞ্চায়ত ভিত্তিত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সাধাৰণ সভাখনত সভাপতিত্ব কৰে শুকুৰ উদ্দিন আলীয়ে।

বৰপেটা জিলা অগপৰ সাংগঠনিক সম্পাদক মাহমুদ হাছানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলা অগপৰ উপ-সভাপতি ৰবিউল হুছেইনে। হুছেইনে ভাষণ প্ৰসংগত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপি দলক চোকা সমালোচনা কৰি সংখ্যালঘু লোকক ৰাজনৈতিকভাৱে একাংশ ৰাজনৈতিক দলে ব্যৱহাৰ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে বুলি মন্তব্য কৰে। অসমত ধৰ্মক লৈ ৰাজনীতি নহয়;কোনো জনগোষ্ঠীক বাদ দি বৃহত্তৰ অসম নহয় ।অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা স্থানীয় কংগ্ৰেছৰ বিধায়ক শুকুৰ আলী আহমেদে ৰৌমাৰী গাঁওবাসীক ইমান ভালপোৱাৰ পিছতো অধিকাংশ লোকেই মথাউৰিত বাস কৰিব লগীয়া হোৱাতো দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে সংখ্যালঘু লোকৰ মাজত কম্বল আৰু আঁঠুৱাৰ ৰাজনীতি কৰি কংগ্ৰেছে সংখ্যালঘু লোকক প্ৰতাৰণা কৰিছে বুলিও তাৎপৰ্য মন্তব্য কৰে হুছেইনে।

এ আই ইউ ডি এফে সংখ্যালঘু লোকৰ কোনো উন্নয়নৰ বাবে কাম কৰা নাই। এ আই ইউ ডি এফৰ সভাপতি বদৰ উদ্দিন আজমলে দিছপুৰত এটা কথা কয় দিল্লীত এটা কথা কয়।দিছপুৰত তৰুণ গগৈৰ বিৰোধিতা কৰে আৰু দিল্লীত চোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ স’তে মিত্ৰতা। এয়া এ আই ইউ ডি এফৰ চমৎকাৰ ৰাজনীতি বুলি তাচ্ছিল্যপূৰ্ণ মন্তব্য আগবঢ়াই ৰবিউল হুছেইনে। অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য অমিয় কুমাৰ তালুকদাৰে বিশিষ্ট অতিথি হিচাপে সভাখনত উপস্থিত থাকি বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে।

তালুকদাৰে ভাষণ প্ৰসংগত কয় যে-” অসমীয়া জাতীয়তাবাদ ধ্বংস কৰি অসমত ভাৰতীয় জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে বিজেপি দলে। এইখন অসমত মহাপুৰুষ শংকৰদেৱ-আজান ফকীৰে জাতি গঠন প্ৰক্ৰিয়াত অৰিহণা যোগাইছে। আমি শংকৰদেৱ-আজান ফকীৰৰ আদৰ্শ ল’ব লাগিব ।বিজেপি দলটোক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব – কথাৰে নহয় ;কামৰ মাজেৰে। “সভাখনত সমাজকৰ্মী চিৰাজুল হক চৌধুৰী,অগপ নেতা গণেশ চন্দ্ৰ তালুকদাৰৰ উপৰিও কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে । অগপৰ জিলা সাংগঠনিক সম্পাদক মাহমুদ হাছান আৰু অগপৰ জিলা কৃষক কোষৰ সদস্য মুক্তাৰ হুছেইনৰ পৰ্যবেক্ষণত আজি সাধাৰণ সভাখনতে অগপৰ ২৫ নং ৰৌমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়। আব্দুৰ ৰহিমক সভাপতি, ৰজব আলী,মিৰাণ হুছেইন, জামাল উদ্দিন, ফুলচান আলী(ছাটা)ক উপ-সভাপতি, আব্দুল জলিল আৰু গোলাপ হুছেইনক সাধাৰণ সম্পাদক,আব্দুৰ ৰছিদ, জেহেৰুল ইছলাম, মনোৱাৰ হুছেইন (ছাটা)ক সহকাৰী সম্পাদক, ৰহিম আলী আৰু মনোৱাৰ হুছেইনক সাংগঠনিক সম্পাদক, ৰফিকুল ইছলাম,মেহেৰুল হক, জাকিৰ হুছেইন, ইছমাইল হুছেইন, ইউনুছ আলীক জিলা প্ৰতিনিধি আৰু চান মামুদ (গাঁওবুঢ়া), শুকুৰ আলীক উপদেষ্টা হিচাপে লৈ ৰৌমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতি খন গঠন কৰা হয়।

উক্ত সভাত অগপৰ চেঙা সমষ্টিৰ সম্পাদক আব্দুল মান্নান, অলপতে এআইইউডিএফ দল ত্যাগ কৰি অগপত যোগদান কৰা বাবুল শ্বেখৰ উপৰিও দ্বিশতাধিক কৰ্মী-সমৰ্থক উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close