অসম

জালুকবাৰী আৰক্ষীৰ জালত উবেৰ চালকৰ হত্যাকাৰী

নিউজ  ডেস্ক, প্ৰথম খবৰ: অৱশেষত জালুকবাৰী আৰক্ষীয়ে আটক কৰিলে উবেৰ চালক মফিজ আলীৰ হত্যাকাৰীক। উল্লেখ্য, ৮ ছেপ্টেম্বৰত বৰপেটাৰ খৰুৱাপাৰাৰ উবেৰ চালক মফিজ আলীক হত্যা কৰি নলবাৰীৰ ঘাইপথত পেলাই থৈ গৈছিল মৃতদেহটো। পিছত আৰক্ষীৰ জোৰ তদন্তত ধৰা পৰে হত্যাকাৰী কাজী ইমৰান হুছেইন। উল্লেখ্য, গুৱাহাটীত দীর্ঘদীন ধৰি উবেৰ চালক মফিজ আলীৰ সৈতে বন্ধু ইমৰান হুছেইন আছিল। বৰপেটাৰ বাসিন্দা ইমৰান হুছেইনে অটল অমৃত যোজনাৰ কাৰ্ড বনোৱা ব্যৱসায়ৰ বাবে মফিজ আলীৰ পৰা প্ৰায় পাঁচ লাখ টকা ধাৰে লৈছিল। পিছত ধাৰে লোৱা ধন ঘূৰাই দিব নোৱাৰি উবেৰ চালক মফিজ আলীক নৃশংসভাৱে হত্যা কৰি পলায়ন কৰে ইমৰান হুছেইনে। ঘটনাৰ জোৰ তদন্ত  চলি আছে।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close