অসম

জুবিনৰ গীতেৰে নলবাৰীৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তীৰ সামৰণি 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ দক্ষিণ প্ৰান্তৰ বৰক্ষেত্ৰীস্থিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসব শনিবাৰে নিশা জুবিনৰ সংগীতৰ মায়াজালেৰ সামৰণি পৰে। প্ৰাক্তন, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সোণালী জয়ন্তীৰ বিদ্যালয়খনিৰ শনিবাৰে শেষৰ দিনা বিয়লি ডঃ আলী আকবৰ হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত এক অনুষ্ঠানত উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।

উন্মোচনী ভাষনত গোস্বামীয়ে কয় যে, এখন বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ মানে শিক্ষাৰ উৎসৱ। এই উৎসৱতে অতীত বৰ্তমানৰ স্মৃতি ৰোমন্থন হয়। সাম্প্ৰতিক সময়ত টকাই সৰ্বোচ্চ বুলি ভাবে যদিও মানুহ হোৱাৰ চেষ্টা হে কৰিব লাগে। ইয়াৰ পিছতে উদযাপন সমিতিৰ প্ৰধান সম্পাদক সুদৰ্শন পাঠক, যুটীয়া সম্পাদক ডাঃ দীলিপ মহন্ত,দীনেশ চন্দ্ৰ কলিতাই আঁত ধৰা আৰু মমতাজ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি আছুৰ মূখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, অসমৰ বিদ্যালয়ত ভূগোল আৰু বুৰঞ্জী শীঘ্ৰে প্ৰৱৰ্তনৰ দিহা কৰিব লাগে । মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক সংসদৰ আমূল সংস্কাৰ কৰি বহিঃ ৰাজ্যৰ দৰে অসমৰ মহাবিদ্যালয়, বিদ্যালয়,
বিশ্ববিদ্যালয়তো নতুন পাঠ্যক্ৰমৰ কাৰ্যসূচী হাতত লবলৈও চৰকাৰক আহ্বান জনায়।

সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই অসমৰ প্ৰায় চাৰি হেজাৰ বিদ্যালয়ত এজনীয়া শিক্ষকেৰে চলি থকাত আক্ষেপ প্ৰকাশ কৰে। এনে ক্ষেত্ৰত শিক্ষাত নানা সমস্যাই দেখা দিয়া বুলিও মন্তব্য কৰে।

সভাত স্থানীয় বিধায়ক নাৰায়ণ ডেকা, নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস সহ কেইবাজনেও ভাষন ৰাখে আৰু আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট লোকে ভাগ লয়। নিশা জুবিনৰ সংগীতেৰে সামৰণি পৰে বিদ্যালয় খনৰ সোণালী জয়ন্তী উৎসৱ।

Related Articles

Leave a Reply

Close