অসম

জুৰীয়াত বিশিষ্ট শিক্ষাবিদ আব্দুৰ ৰৌফৰ পৰলোকপ্ৰাপ্তি, অঞ্চলজুৰি শোক

নগাঁৱৰপৰা ৱাহিদুদ জামানন, প্ৰথম খবৰ: নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ আলহাজ আব্দুৰ ৰৌফৰ যোৱা নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হয়। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য বেমাৰত আক্ৰান্ত আব্দুল ৰৌফে যোৱা নিশা প্ৰায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বহু গুনমুগ্ধ‌ই আজি পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য, স্থানীয় মাহগুৰি গাঁও নিবাসী প্ৰয়াত আব্দুল ৰৌফ ১৯৫৫ চনতে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত জুৰীয়াৰ বগৰিগুৰি মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰি শিক্ষকতা জীৱন আৰম্ভ কৰে। জিলাখনৰ উত্তৰাঞ্চলৰ প্ৰথমগৰাকী উচ্চ শিক্ষাৰ আধিকাৰী  শিক্ষাবিদ গৰাকীয়ে ১৯৯২ চনতে এইখন শিক্ষানুষ্ঠানৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। এই গৰাকী ব্যাক্তিয়ে জুৰীয়া মহাবিদ্যালয় প্ৰতিষ্ঠাৰ এগৰাকী অন্যতম গুৰি ধৰোতা আছিল।

তদুপৰি তেওঁ বৃহত্তৰ  অঞ্চলটোত বহুকেইখন  শিক্ষা-প্ৰতিষ্ঠান গঢ় দিয়াৰ লগতে সমাজ সংস্কাৰৰ বাবে বহু কাম কৰি থৈ গৈছে। আজীৱন সমাজ-সেৱাৰ লগত জড়িত ব্যাক্তিগৰাকীয়ে ক্ৰমে ১৯৯৩ আৰু ২০০১ চনত দুবাৰকৈ পৱিত্ৰ হজ সম্পন্ন কৰে। এগৰাকী ধৰ্মপৰায়ণ ব্যক্তি হিচাপে  তেওঁ অঞ্চলটোত বহুকেইখন ধৰ্মীয় অনুষ্ঠানৰ সৈতেও  জড়িত আছিল। মৃত্যুৰ সময়ত প্ৰয়াত ৰৌফে পত্নীসহ সু চিকিৎসক ছফিকুল ইছলামকে ধৰি ১০ গৰাকী উচ্চ শিক্ষিত সুযোগ্য সন্তান আৰু বহু নাতি- নাতিনী ইহ সংসাৰত এৰি থৈ গৈছে।

তেখেতৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে জুৰীয়া প্ৰেছ ক্লাৱ , শিঙ্গীয়া প্ৰগতিশীল গ্ৰাম্য পুথিভঁড়াল ও যুৱক সংঘ, জুৰীয়া মহাবিদ্যালয় কৰ্তৃপক্ষ, নগাঁও জিলা আমছু, অনগ্ৰসৰ মুছলিম জাতীয় ঐক্য মঞ্চকে ধৰি বহু কেইটা সংগঠন তথা ব্যাক্তিয়ে শোক প্ৰকাশ কৰিছে। আজি দিনৰ দুই বজাত শিঙ্গাৰী বজাৰ আঞ্চলিক খেলপথাৰত কেইবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতত তেখেতৰ জানাজা সম্পন্ন  কৰা হয় ।

 

Related Articles

Leave a Reply

Close