অসম

জেহাদি নহয় মানসিক বিকাৰগ্ৰস্তহে

কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞা, প্ৰথম খবৰ: যোৱা ৰাতি কামপুৰৰ বাহাকাবাৰী আটিগাঁৱত এজন মানসিক বিকাৰ গ্ৰস্ত লোকক আটক কৰাৰ কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। স্থানীয় গাঁওৰক্ষী বাহিনীয়ে লোক জনক আটক কৰি কামপুৰ আৰক্ষীক গতাই দিয়ে। কিন্তু দিনতো এইজন লোক জেহাদি বুলি ভুৱা প্ৰচাৰ হোৱাৰ লগতে ৰে’ল ষ্টেচন দলং আদিত বোমা দিয়াৰ পৰিকল্পনা লোৱা বুলিও পুৱাৰ পৰা ভুৱা প্ৰচাৰ হৈ আহিল।

কিন্তু বৰ্তমান এই যুৱক জন হোজাই জিলাৰ জোৰ পুখুৰীৰ বাসগৃহত কামপুৰ আৰক্ষী উপস্থিত হৈছে আৰু যুৱক জন মানসিক বিকাৰ গ্ৰস্ত বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰক্ষীয়ে যুৱকজন পূৰ্বতে পাগলা ফাটেক যোৱাৰ নথি উদ্ধাৰ কৰিছে।এইক্ষেত্ৰত কোনো বিভ্ৰান্ত নহ’বৰ বাবে প্ৰশাসনে জনাইছে।

Related Articles

Leave a Reply

Close