শেহতীয়া
Home / অসম / জ্বৰত আক্ৰান্ত হৈ বহিঃৰাজ্যত কামৰূপৰ চমুখাৰ জোৱানৰ মৃত্যু

জ্বৰত আক্ৰান্ত হৈ বহিঃৰাজ্যত কামৰূপৰ চমুখাৰ জোৱানৰ মৃত্যু

প্ৰথম খবৰ, ৰঙিয়া: কৰ্তব্যৰ খাতিৰত বহিঃৰাজ্যত থাকিবলগীয়া হোৱা এগৰাকী জোৱানৰ মৃত্যুৰ বাতৰিয়ে আজি ৰঙিয়াত শোকৰ ছাঁ পেলায়৷ কামৰূপৰ চমুখাৰ ইউনিছৰ ৰহমান নামৰ CISF জোৱান জনে কেইবাদিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল৷

পত্নী আৰু দুই সন্তান সহ ঝাৰখণ্ডত থকা জোৱানজনক ঝাৰখণ্ডৰ এখন চিকিৎলায়ত চিকিৎসা কৰা হৈ আছিল যদিও বুধবাৰে জোৱান জনৰ মৃত্যু ঘটে৷

ইফালে জোৱানজনৰ মৃত্যুৰ খৱৰ পোৱাৰ পাছতে কামৰূপ চমুখাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ জোৱানজনৰ নশ্বৰ দেহ বৃহস্পতিবাৰে নিশা বৰঝাৰ বিমান বন্দৰ আহি পাব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*