অসমশীৰ্ষ

টিংখাঙত দুটাকৈ ভয়ংকৰ অগ্নিকাণ্ড:গাড়ী,বাইক সহ কেবালাক্ষাধীক টকাৰ সম্পতি ভষ্মিভূত

টিংখাঙৰ পৰা মিৰাণ ইছলাম প্ৰথম খবৰ: দীপাৱলীৰ আনন্দ উলাহৰ মাজতে আজি নিচেই পূৱা টিংখাঙৰ বাঘমৰা গাঁৱৰ জীতেন কোচ নামৰ ব্যক্তিজনৰ বাসগৃহটো এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিধ্বংসী অগ্নিকাণ্ডত পৰিয়ালটোৰ এখন টাটা মেজিক গাড়ী আৰু এখন বাইক, গহনাসহ বাসগৃহটো জ্বলি ছাই হৈ যায়।

চৰ্ট চাৰ্কিৰ্টৰ ফলত এই ঘটনা সংঘটিত হয়। আনহাতে টিংখাঙৰ কাকৱনীৰ মহেশ ভগত নামৰ ব্যক্তি জনৰ এটা গোদাম ঘৰত নিশা অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত গৈ পোৱাৰ পূৰ্বেই বিধ্বংসী জুইয়ে সকলো পূৰি ছাই কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close