অসম

টীয়কত ২৪ ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত

প্ৰথম খবৰ, টীয়ক: ২৪ঘণ্টাৰ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ কৰি চৰকাৰ গঠন কৰা সৰ্বা চৰকাৰে টীয়কত কালি সন্ধ্যা ৫বজাৰ পৰা ২৪ ঘণ্টাৰ ১ ঘণ্টাও সম্পূৰ্ণৰুপে বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হৈ পৰিছে৷ কোনো বতাহ বৰষুণৰ অবিহনে সমগ্ৰ টীয়কত ব্যাহত হৈ আছে বিদ্যুৎ যোগান৷ অৱশ্যে টীয়কৰ কিছু কিছু ঠাইত আজি বিয়লি ভাগলৈ বিদ্যুৎ যোগান ধৰিব পাৰিলেও নগৰৰ এলেকাৰ বহু ঠাইত এতিয়াও ব্যাহত হৈ আছে বিদ্যুৎ যোগান৷

বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে আজি টীয়কৰ বহু ঠাইত বিদ্যুতৰ লাইন সমূহ পৰীক্ষা কৰিছে যদিও এই পৰ্যন্তলৈকে কি কাৰণত ইমান সময় বিদ্যুৎ যোগান ব্যাহত হৈ আছে সেইয়া ধৰিব পৰা নাই৷ ২৪ ঘণ্টা ধৰি বিদ্যুৎ যোগান ব্যাহত হোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ লগতে জনসাধাৰণৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে৷ তীব্ৰ গৰমত এনেকৈ বিদ্যুৎ যোগান ব্যাহত হৈ পৰাত টীয়কীয়া জনসাধাৰণ যথেষ্ট ক্ষোভিত হৈ পৰিছে৷

Related Articles

Leave a Reply

Close