অসম

টীয়ক চি কে বি কলেজৰ অধ্যক্ষৰ অভদ্ৰ আচৰণৰ প্ৰতিবাদত ক্ষুব্ধ জনতাৰ পথ অৱৰোধ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: যোৱাকালি বিয়লি টীয়ক চি কে বি মহাবিদ্যালয়ৰ সমীপত সংঘটিত হোৱা এক ভয়ানক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মহাবিদ্যালয়ৰ দুই ছাত্ৰীৰ৷ এই ঘটনাক ছাত্ৰী দুগৰাকীৰ অভিভাৱক আৰু স্থানীয় ৰাইজে মহাবিদ্যালয় চৌহদত ভিৰ কৰে৷ সেইসময়ত অত্যাধিক মদ্যপান কৰি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকক ৰাইজে ধৰি মহাবিদ্যালয়লৈ লৈ যোৱাৰ সময়তে যোগেন ৰাজোৱাৰ নামৰ ব্যক্তিজনে ড্ৰাইভাৰ জনক ক্ষোভিত হৈ কৰা এটা প্ৰশ্নৰ সময়তে মহাবিদ্যালয়ৰ অধ্যক্ষই বুকুত ধৰি শাৰীৰিকভাৱে অপদস্থ কৰে যোগেন ৰাজোৱাৰক। এই অভিযোগ স্থানীয় ৰাইজৰ৷

এই বিষয়তে ক্ষোভিত হৈ তৎকালীনভাৱে ৰাজহুৱা সভা অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাক স্থানীয় ৰাইজে কঠোৰ ভাষাৰে সমালোচনা কৰে৷ আৰু আজি দুপৰীয়া ১২:৩০ বজাত প্ৰায় দুই শতাধিক আটছা কৰ্মীয়ে জগদুৱাৰ তিনিআলিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি অতি শীঘ্ৰে অধ্যক্ষ গৰাকীক ৰাজহুৱা ক্ষমাৰ দাবী তোলে৷

উল্লেখযোগ্য যে, এই সকলোবিলাক তথ্য স্পষ্ট কৰিবলৈ অহা কাইলৈ টীয়ক চি কে বি কলেজত সংবাদ মেল আয়োজন কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই৷

Related Articles

Leave a Reply

Close