অসম

টীয়ক নগৰ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: দীপাৱলীত ব্যৱহাৰ কৰা কলপুলি সমূহ সততে গৃহস্তই য’তে ত’তে পেলাই দিয়া পৰিলক্ষিত হয়৷কিন্তু এইবাৰ টীয়ক নগৰ সমিতিয়ে এই ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ ৷ প্ৰথম খবৰলৈ প্ৰেৰণ কৰা এক বাৰ্তাত টীয়ক নগৰ সমিতিৰ অধ্যক্ষ ৰফিক উজ জামানে জানিবলৈ দিয়া মতে টীয়ক নগৰ এলেকাৰ অধীনৰ লোকসকলক দীপাৱলীত ব্যৱহাৰ কৰা কলপুলি য’ত ত’ত নেপেলাবলৈ অনুৰোধ কৰি ঘৰৰ সন্মুখত সহজে চকুত পৰাকৈ ৰাখিবলৈ অনুৰোধ জনাইছে টীয়ক নগৰৰ জনসাধাৰণক ৷ টীয়ক নগৰ সমিতিয়ে অহা কাইলৈ পুৱা ৭বজাত সেই সমূহ কলপুলি সংগ্ৰহ কৰি গিবন অভয়াৰণ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close