অসম

টোকানকাটাত ফটকাৰ প্ৰচণ্ড শব্দত ছাত্ৰীৰ মৃত্যুত শোক 

প্ৰথম খবৰ, নলবাৰী: দীপাৱলীৰ উলহ মালহৰ মাজতে নলবাৰীৰ সীমান্তৱৰ্তী টোকানকাটা গাঁৱৰ গগন কলিতাৰ কন্যা তথা টোকানকাটাত মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী নৱনীতা কলিতাৰ যোৱা নিশা নলবাৰী অসামৰিক চিকিৎসালয়ত অকাল মৃত্যুক সাবটি লয়।

জানিব পৰা মতে নিজ গৃহৰ সন্মুখত ছাত্ৰী গৰাকীৰ ভাতৃয়ে ফটকা এটা ফুটাই। কিন্তু ছাত্ৰী নৱনীতাই উক্ত ফটকাৰ শব্দত থিতাতে ধলি পৰে। পিছত পৰিয়ালে নলবাৰীৰ ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক নিয়ে যদিও চিকিৎসকে লগে লগে লেফাৰ কৰে। অৱশেষত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাই যদিও চিকিৎসকে ফটকাৰ প্ৰচণ্ড শব্দত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি ঘোষনা কৰে। ছাত্ৰী গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Related Articles

Leave a Reply

Close