Home / অসম / ঠিকাদাৰৰ চুড়ান্ত লুণ্ঠনত বিধ্বস্ত জুৰীয়া- সুঁতিৰপাৰ গড়কাপ্তনি পথ

ঠিকাদাৰৰ চুড়ান্ত লুণ্ঠনত বিধ্বস্ত জুৰীয়া- সুঁতিৰপাৰ গড়কাপ্তনি পথ

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: জুৰীয়া- আমতলা- সুঁতিৰপাৰ গড়কাপ্তানী পথছোৱা ঠিকাদাৰে মেৰামতিৰ নামত চলোৱা চুড়ান্ত লুণ্ঠনৰ বাবেই  সম্প্ৰতি মৰণফান্দত পৰিণত হৈছে। বৃহত্তৰ জুৰীয়া অঞ্চলৰ লগত সুঁতিৰপাৰ, লাওখোৱা অভয়াৰন্যকে ধৰি প্ৰায় ১৫ খনতকৈ অধিক চৰ গাঁৱৰ লগত জুৰীয়া তথা  নগাঁও চহৰ লগত যোগাযোগৰ একমাত্ৰ এই পথচোৱা ঠিকাদাৰৰ লগত নগাঁও জিলা গড়কাপ্তানি বিভাগৰ একাংশ ধনলোভী বিষয়া কৰ্মচাৰীৰ অবৈধ মিতিৰালিৰ পৰিনতি স্বৰূপে মেৰামতিৰ দুইমাহ পিছতেই প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীৰ সদৃশ গাঁত সৃষ্টি হোৱাৰ লগতে কদৰ্যময় হৈ যাতায়তৰ সম্পূর্ণ অনুপযোগী হৈ পৰিছে ৷

পথছোৱাৰ পকীকৰণ নোহোৱা তিনি কিলোমিটাৰ বাট  মেৰামতিৰ বাবে চৰকাৰে ২০১৫-১৬ বৰ্ষত ৩৫ লাখ টকা মোকোলাই দিয়ে যদিও পথছোৱা মেৰামতিৰ নামত ঠিকাদাৰ জনে নামমাত্র শিল -বালি ছটিয়াই সিংহ ভাগ ধনেই উদৰস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

দৈনিক কেইবা সহস্ৰাধিক যানবাহন চলাচল কৰা এই গুৰুত্বপূৰ্ণ পথচোৱাত এজাক বৰষুণ দিলেই খোজকাঢ়ি যোৱাটোৱেই অসম্ভৱ হৈ পৰে৷ এই পথছোৱাতেই আছে নবৰশ্মী এম ই মাদ্ৰাছা, কলনিজলাহ হাই মাদ্ৰাছা, কলনিজলাহ বালক মোক্তাৱ, এতিমখানাকে ধৰি আৰু বহু কেইটা শিক্ষানুষ্ঠান৷ কৃষিজাত সামগ্ৰী উৎপাদনত ৰাজ্যখনৰ ভিতৰত এক উল্লেখনীয় স্থান দখল কৰা সুঁতিৰপাৰৰ বৃহত্তৰ চৰাঞ্চলৰ কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে উৎপাদন কৰা বিভিন্ন ধৰনৰ কৃষিজাত সামগ্ৰী এই বিধ্বস্ত পথছোৱাৰ বাবেই জুৰীয়া তথা অন্য বজাৰলৈ নিব নোৱাৰি অতি কম দামতেই নিজ ঘৰতে বিক্ৰী কৰিবলৈ বাধ্য হৈছে ৷ যাতায়াতৰ অনুপোযোগী হৈ পৰা পথছোৱাত প্ৰতিদিনেই  দুৰ্ঘটনা সংঘটিত হোৱাটো এটা নিত্যনৈমত্তিক ঘটনাত পৰিণত হৈছে ৷ আনহাতে পথছোৱাৰ মেৰামতিৰ নামত চৰকাৰী ধনৰ লুণ্ঠন কৰা ঠিকাদাৰ জনৰ বিৰুদ্ধে  তদন্ত কৰি ব্লেকলিষ্ট কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*