অসম

ডিগবৈত নিৰ্বাচন, পুৱাৰে পৰা ভোট গ্ৰহণ

ডিগবৈৰপৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: তৈল নগৰী ডিগবৈত আজি এমাহ ধৰি নিৰ্বাচনী বতাহ বৈছে। কিন্তু কিহৰ নিৰ্বাচনক লৈ ইমান উৎকণ্ঠা। পঞ্চায়ত নে বিধান সভা। নে লোকসভা নে নগৰ পালিকা। ভোট কেন্দ্ৰত পৰিৰ্দশন কৰে বিধায়ক সুৰেন ফুকনে।

নহয়, এইয়া শ্ৰমিক সংগঠন এ অ চি লেবাৰ ইউনিয়নৰ নিৰ্বাচন। ডিগবৈ শোধনাগাৰৰ শ্ৰমিক সকলৰ স্বীকৃতি প্ৰাপ্ত শ্ৰমিক সংগঠন এ অ চি লেবাৰ ইউনিয়নৰৰ আজি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। ৮৩৩ জন ভোটাৰে ভোট দান কৰি ৯ জন প্ৰাৰ্থীক নিৰ্বাচিত কৰিব। যুটিয়া সম্পাদক ভোলা চন্দ্ৰ নাথ আৰু সীতাৰাম বাৰ্মা বিনা প্ৰতিদণ্ডিতাৰে নিৰ্বাচিত হোৱাৰ পিছত ১ জন সভাপতি পদৰ বাবে তিনি জন, ৫ জন উপ সভাপতি পদৰ বাবে ষোল্ল জন, ২ জন সহকাৰী সাধাৰণ সম্পাদকৰ বাবে ছয় জন আৰু ১ জন কোষাধ্যক্ষ বাবে দুজন।

মুঠ ন টা পদৰ বাবে ২৭ জনে প্ৰতিদণ্ডিতা কৰিছে । আজি বিয়লি ভাগত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাত কোনে শেষ হাঁহি মাৰিব তাক লৈ নিৰ্বাচনী যুঁজখন আৰ্কষণী হৈ পৰিছে।

Related Articles

Leave a Reply

Close