অসম

ডিগবৈত নিৰ্মাণ হ’ব আৱৰ্জনা নিষ্কাষনৰ প্ৰচেচিং প্ৰকল্প

প্ৰথম খবৰ, পেঙেৰী: আজি ডিগবৈ নগৰৰ বহুদিনীয়া সমস্যা এটাৰ সমাধান সুত্ৰ ওলাল৷ ডিগবৈ নগৰত দৈনিক জমা হোৱা জাবৰ-জোথৰ পেলাবৰ বাবে কোনো স্থায়ী স্থান নথকাৰ ফলত নগৰ সমিতিয়ে বহু সমস্যাত ভুগি আছিল ৷ বহু আলোচনাৰ পিছত ডিগবৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ কাষতে ১৫ বিঘা চৰকাৰী ভূমিত আৱৰ্জনা নিষ্কাষণৰ ব্যৱস্থাৰ সীদ্ধান্ত গ্ৰহণ কৰা হয়৷

আজি মাৰ্ঘেৰিটা মহকুমাধিপতি বিক্ৰম কৈৰী আৰু চক্ৰ বিষয়া ৰাকেশ ছেত্ৰী আৰু ডিগবৈ নগৰ সমিতিৰ বিষয়ববীয়াৰ সৈতে উক্ত অঞ্চল পৰ্যবেক্ষণ কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ৷ ডিগবৈ নগৰ সমিতিয়ে এই চৰকাৰী ভূমিতে আৱৰ্জনা জমা কৰিব আৰু পৰবৰ্তী সময়ত ইয়াতে এটা জাবৰ নিষ্কাষণ কৰিবৰ বাবে এটা প্ৰচেচিং প্ৰকল্প নিৰ্মাণ কৰা হব ৷ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ এই নিষ্কাষণ প্ৰকল্পটি নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিধায়ক সুৰেন ফুকনে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close