অসম

ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে মুকলি কৰে ৪০ টাকৈ প্ৰধানমন্ত্ৰী আৱাসগৃহ

প্ৰথম খবৰ, পেঙেৰী: ডিগবৈ সমষ্টি অন্তৰ্গত হাপজান উন্নয়ণ খণ্ডৰ অধিনত টিংৰাই গাঁও পঞ্চায়তৰ মুঠ ৪০ টা প্ৰধানমন্ত্ৰী আৱাসগৃহৰ মুকলি কৰে বিধায়ক সুৰেন ফুকনে৷ পুৱা ৯ বজাত বৃক্ষৰূপনেৰে প্ৰথমটো গৃহৰ মুকলি কৰে আৰু প্ৰধানমন্ত্ৰী আৱাস গৃহৰ প্ৰতিটো গৃহতে বন বিভাগৰ সহযোগত দুটিকৈ গছপুলি ৰূপন কৰে ৷ টিংৰাই পঞ্চায়তৰ খোলো খেৰুৱাৰ নামৰ হিতাধিকাৰী গৰাকিৰ গৃহ প্ৰৱেশৰ জৰিয়তে আজিৰ কাৰ্যসুচী শুভাৰম্ভ হয় ৷
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, তিনিচুকীয়া জিলা উপাযুক্ত ঐনাম চৰন সিং, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি বিক্ৰম কৈৰী, তিনিচুকীয়া চি ই অ লক্ষীনন্দন গগৈ, হাপজান খণ্ড উন্নয়ণ বিষয়া টিকেন্দ্ৰজিত মাৰাং, হাপজান আঞ্চলিক পঞ্চায়ত সভানেত্ৰীৰ উপস্থিতিত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ গৃহটি মুকলি কৰাৰ পিছত পৰৱৰ্তী ৩৯ টা গৃহ আজি মুকলি কৰা হয় ৷ লগতে বিধায়ক গৰাকিয়ে গৃহবোৰৰ কাম সুন্দৰভাৱে সম্পন্ন কৰাৰ বাবে খণ্ড উন্নয়ণ বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে ৷

Related Articles

Leave a Reply

Close