অসম

ডিব্ৰুগড় জিলাভিত্তিক প্ৰাইজমানী ফুটবলৰ আজি ফাইনেল

প্ৰথম খবৰ, ডিগবৈঃ ডিগবৈ প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰাক্তন বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ সোঁৱৰণত আয়োজিত অবিভক্ত ডিব্ৰুগড় জিলাভিত্তিক প্ৰাইজমানী প্ৰতিযোগিতাখন ডিগবৈ জুবিলী খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল । উক্ত প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৮ অক্টোবৰত দিনৰ ২.৩০ বজাত ডিগবৈ ফুটবল ক্লাব আৰু বগাপানী ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হব। ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰমণী বুঢ়াগোহাঁই আৰু সম্পাদক ৰাজু হাজৰিকাই।

Related Articles

Leave a Reply

Close