অসমশীৰ্ষ

ডিমৌত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, একাংশই কাটি নিলে মৃত হাতীটোৰ মাংস

প্ৰথম খবৰ, ডিমৌ: শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ দলপা থানঘৰৰ কাষত শনিবাৰে পুৱা এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয়। বিষাক্ত খাদ্য খাই হাতীটোৰ কৰুণ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে। কিন্তু হাতীটোৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই একাংশ লোকে অতি অমানৱীয় তথা লজ্জাজনকভাৱে বন্যহস্তীটোৰ মাংস কাটি ভক্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

সেই সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ চেগ বুজি পথাৰৰ ধাননীৰ মাজত পৰি থকা বন্যহস্তীটোৰ মৃতদেহটো চিন্ন-বিচ্ছিন্ন কৈ কাটি একাংশই এনে দুষ্কাৰ্য সংঘটিত কৰিবলৈ সুবিধা পালে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজে।

ইফালে বহু পলমকৈ ঘটনাস্থলীলৈ বন বিভাগৰ লোক ৰাওনা হয়। বন্য জন্তুৰ ওপৰত চলা এনে ঘৃণনীয় অত্যাচাৰে সমগ্ৰ অঞ্চলজুৰি সচেতন ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাতৰি যুগুতোৱা পৰলৈকে এই হাতীটো ক’ৰপৰা কেনেকৈ আহি এনেদৰে কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হ’ল সেই বিষয়ে নিশ্চিত ৰূপত জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close