অসম

ড০ নগেন শইকীয়ালৈ ভূপেন হাজৰিকা সোঁৱৰণি বঁটা

ডিব্ৰুগড়ৰপৰা জ্যোতিষ কুমাৰ পাতিৰ, প্ৰথম খবৰ:  প্ৰতিথযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়ালৈ সাংস্কৃতিক মহাসভাই আগবঢ়াইছে ড০ ভূপেন হাজৰিকা সোৱৰণি বঁটা। এই সম্পৰ্কত শণিবাৰে ডিব্ৰুগড় সাংস্কৃতিক মহাসভাই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এখন সংবাদমেলত এই কথা প্ৰকাশ কৰিছে।

সাংস্কৃতিক মহাসভা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ত্ৰৈলোক্য দত্তই জানিবলৈ দিয়া মতে বিগত তিনি বছৰ ধৰি সাংস্কৃতিক মহাসভাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰি আহিছে। এই বৰ্ষতো সুধাকণ্ঠগৰাকীৰ মৃত্যুৰ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া সংগীত দিৱসৰ উপলক্ষে প্ৰতিথযশা সাহিত্যিক ড০ নগেন শইকীয়াক এই বঁটা অসমৰ ৰাজ্যপাল ড০ জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব।

অহা ৫ নৱেম্বৰত ডিব্ৰুগড় বৰবৰুৱা ছ্যুকাফা ভৱনত অনুষ্ঠিত হ’বলগীয়া সংগীত দিৱসৰ কাৰ্যসূচীত সাংস্কৃতিক মহাসভাই প্ৰথিতযশা সাহিত্যিকগৰাকীলৈ এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ। আনহাতে, এই বঁটাৰ লগত আছে নগদ ধন, কিতাপৰ টোপোলা, সম্বৰ্ধনা পত্ৰ  আৰু এখন স্মাৰকপত্ৰ।

দিনযোৰা কাৰ্যসূচী লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, টেৰচ গোৱালা, চক্ৰধৰ গগৈ, বিমল বৰা, নৰেন সোণোৱাল, ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদ্দুৰী, বি চি পি এলৰ পৰিচালন সঞ্চালক এ কে সিং, অসম সাহিত্য সভাৰ উপ-সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাছা, ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক গৌতম বৰা, আছাম টকছৰ মুখ্য পৰিচালন সম্পাদক মৃদুপৱন নেওগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঞিকে ধৰি ভালেকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকিব।

Related Articles

Leave a Reply

Close