অসম

তথৈবচ অৱস্থাত খেৰণি-জেৰিকিন্দেং-মাকৈলুম গড়কাপ্তানী পথঃ “যমে নিব নোখোজিলেও; কিন্তু পথে কাঢ়ি নিব খোজে মানুহৰ প্ৰাণ”

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং তথা ২০ নং বৈঠালাংছ’ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ জেৰিকিন্দেং, মাকৈলুম, খাটকাছলা, মুজিয়েম, উমখ্ৰিমী, চাৰছিম, আমৰেং, লাংথাত, লাংমেপি, মাটিখোলা আদি অঞ্চলত বসবাস কৰা ৰাইজৰ বাবে যাতায়াতৰ একমাত্ৰ মেৰুদণ্ডস্বৰূপ পথ হৈছে খেৰণি-জেৰিকিন্দেং-মাকৈলুম গড়কাপ্তানী পথ৷ কিন্তু কি হ’ব, অতি পুতৌজনকভাৱে বিধ্বস্ত হৈ পৰা তথা কেৱল নামতহে পকী পথ হৈ থকা খেৰণি-জেৰিকিন্দেং-মাকৈলুম গড়কাপ্তানী পথটোয়ে এতিয়া এক বৃহত্তৰ এলেকাৰ ত্ৰিশ হাজাৰোধিক লোকক জ্বলা-কলা খুৱাই জীয়াতু ভুগাব ধৰিছে৷ মুঠতে “যমে নিব নোখোজিলেও; কিন্তু পথে কাঢ়ি নিব খোজে মানুহৰ প্ৰাণ”৷

আনহাতে ইফালে আকৌ বিকল্পৰ কোনো উপায় নাপায় উল্লেখিত পথটোকে ব্যৱহাৰ কৰি অহা সমগ্ৰ অঞ্চলৰ চাকৰীয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আদি লোকৰ বাবে উক্ত পথটো এতিয়া অপ্ৰমেয়ভাৱে চিন্তাজনক বিষয় হৈ পৰিছে পাহাৰীয়া জিলাখনত৷ প্ৰণিধানযোগ্য যে অঞ্চলবাসীৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ উল্লেখিত পথটো আজি সুদীৰ্য ১৫ বছৰোধিক ধৰি মেৰামতিৰ অভাৱত প্ৰায় ৫৫ কিঃমিঃ দৈৰ্ঘ্যৰ পকী পথটো এতিয়া কেৱল একদংশৰ বাহিৰে অধিকাংশতেই প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁত সৃষ্টি হৈ বিধ্বস্ত ৰূপ লোৱা পৰিলক্ষিত হৈছে পিছপৰা পাহাৰীয়া জিলাখনৰ বৈঠালাংছ’ সমষ্টিত৷ মুঠতে উক্ত পকী পথটো এতিয়া সমুলি নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰাৰ লগতে তথৈবচ অৱস্থাত থকা উক্ত পথটোয়ে সম্প্ৰতি বৃহত্তৰ অঞ্চলটোত হোৱা উন্নয়ণ আৰু বিকাশৰ বিপৰীত ছবি উদঙাব ধৰিছে৷ অপৰিসীম গুৰুত্ব থকা এই পথটো এইদৰে দিনকদিনে অনুপযোগী হৈ পৰাৰ আনুষাংগিক ফলস্বৰূপে ৰোগীক চিকিৎসা প্ৰদান কৰা, প্ৰসুতিক চিকিৎসালয়লৈ নিয়া, ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহা-যোৱা কৰা ক্ষেত্ৰৰ আদিৰ লগতে আন আন সমস্যাৰো সন্মুখীন হ’বলগীয়াত পৰিছে অঞ্চলটোৰ ৰাইজে৷

ৰাইজৰ জীৱন যাত্ৰাত, সৰ্বাদিশৰ উন্নয়ণ আৰু বিকাশৰ ক্ষেত্ৰত এতিয়া প্ৰধান হেঙাৰ হৈ পৰিছে অবৰ্ণনীয় অৱস্থাত থকা একমাত্ৰ এই পথটোয়েই বুলি একাংশ জনতাই মন্তব্য কৰিছে৷ আনহাতে আন একাংশ পথচাৰী, যাত্ৰী, চালক আদিয়ে আকৌ ক্ষোভেৰে ব্যক্ত কৰিছে যে প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগীতা আৰু অনিহাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজে এনে এক জলন্ত সমস্যাৰ সন্মুখিন হব লগা হৈছে বুলি প্ৰশাসন কিংবা কৰ্তৃপক্ষৰ বিৰোদ্ধে অভিযোগ তুলিছে৷ তদানিন্তন কংগ্ৰেছ চৰকাৰৰ শাসন কালত উন্নয়ণ আৰু বিকাশৰ নামত ৰাইজে যি ছবি দেখিলে, পুনৰ সেই একেই ছবিৰ দৰ্শক আৰু এই অঞ্চলৰ অঞ্চলবাসীয়ে হব নিবিছাৰে বুলিও বহুজনে মত পোষন কৰে৷ উল্লেখ্য যে উন্নয়ণ আৰু বিকাশৰ বিপৰীত ছবি দাঙি ধৰা উল্লেখিত পথটোৰ মেৰামতিৰ নামত আবন্টিত হোৱা ধনো আনকি বহু সময়ত কাম নকৰাকৈ অথবা দুই-তিনি পাচিমান ৰঙা মাটি ছটিয়াইয়ে ধন আত্মসাৎ কৰি আহিছে বুলিও বিভাগ আৰু ঠিকাদাৰৰ বিৰোদ্ধে অভিযোগৰ আঙুলি টুৱাইছে স্থানীয় ৰাইজে৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল অলেখ সপোন আৰু আশা মনত পুহি ৰখা ৰাইজে এনেবোৰ সমস্যাৰ পৰা সকাহ অথবা পৰিত্ৰাণ কেতিয়া পাব বাৰু? পৰৱবৰ্তনৰ শ্ল’গান দি অহা পৰিবৰ্তনকামী বিজেপি চৰকাৰখনে অথবা জনপ্ৰতিনিধি আৰু বিভাগটোয়ে ৰাইজৰ মৰ্মবেদনাৰ বুজ লোৱাৰ সময় আৰু সমস্যা সমাধানৰ উপায় উলিয়াবনে, নে নিৰ্বিকাৰ হৈ চকুমুদা কুলি হৈয়ে ৰ’ব?
এনে বহু কোটিটকীয়া প্ৰশ্ন এতিয়া সহস্ৰাধিক ৰাইজৰ মনত?  সঁচাকৈ উল্লেখিত অঞ্চলবাসীলৈ পৰিৱৰ্তনকামী চৰকাৰখনে কি পৰিৱৰ্তন আনে সেয়া পৰৱৰ্তী সময়ত বাৰুকৈ লক্ষণীয় হ’ব৷

Related Articles

Leave a Reply

Close