অসম

তিতাবৰত বন্যহস্তীৰ আতংকত ত্ৰস্তমান জনতা

তিতাবৰৰপৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত। এইবাৰ পুনৰ হস্তী মানৱৰ সংঘাত দেখিবলৈ পোৱা গল তিতাবৰত। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৪০-৪৫ জনীয়া বন্যহস্তীৰ এটা বৃহৎ জাকে সন্ত্ৰাস সৃষ্টি কৰিছে তিতাবৰত। বন্যহস্তীৰ জাকটোৱে ক্ষতিগ্ৰস্ত কৰিছে ৰাইজৰ বিস্তৰ পৰিমাণৰ কৃষিভূমি।

বিশেষকৈ তিতাবৰৰ ৰঙাজান, খৰিকটীয়া বোকাহোলা আদি অঞ্চলত বৃহৎ জাকটো প্ৰৱেশ কৰাৰ ফলত আতংকত ত্ৰস্তমান হৈ পৰিছে অঞ্চলবাসী। হাতীৰ বৃহৎ জাকটো বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি যোৱা যময়ছোৱাত ৰাইজৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰি অহাৰ সমান্তৰাল ভাৱে পুনৰ একেই ঘটনাৰে পুনৰাবৃত্তি হোৱাৰ আশংকাত ৰাইজে কটাব লগা হৈছে ৰাজপথতে বিনিদ্ৰ ৰজনী। কিন্ত ইমান পাছতো কানসাৰ নাই ৰাজ্যৰ বিয়াগোম বন বিভাগটোৰ।

ৰাজ্যৰ বিয়াগোম বন বিভাগটোক অধিক তৰাম্বিত কৰাৰ কথা খোদ বন মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি অহাৰ সময়তে তিতাবৰৰ সেই সকল জনতাই বিভাগটোৰ বিৰুদ্ধে উত্থাপিত কৰিছে গাফিলটিৰ কেতবোৰ গুৰুতৰ অভিযোগ। যাৰ ফলত বন বিভাগটোৰ বিৰুদ্ধে ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিছে অঞ্চলবাসীৰ মাজত।

লক্ষণীয় যে, বাতৰি লিখা পৰালৈকে বন্যহস্তীৰ বৃহৎ জাকটোৱে ৰঙাজান অঞ্চলত প্ৰৱেশ কৰি ৰাইজক আতংকিত কৰি তুলিছে। ৰাজপথলৈ ওলাই আহিছে অঞ্চলটোৰ জনতা। যাৰ ফলত আতংক আৰু উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

Related Articles

Leave a Reply

Close