অসম

তিনিচুকীয়াত ড° হিমন্ত বিশ্ব শৰ্মা

প্ৰথম খবৰ, নিউজ ব্যুৰ’: তিনিচুকীয়াত আজি পুৱাই উপস্থিত হয় ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তিনিচুকীয়াৰ মাকুমৰ হেবেদাইত স্থাপন হ’ব লগা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ২০০ বিঘা ভূমি পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এক সংবাদমেলৰ জৰিয়তে সাংবাদিকক সম্বোধন কৰে।

উল্লেখ্য যে, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বাবে ইতিমধ্যে আইফাই ২ ৫০ কোটি টকাৰ অনুমোদন দিয়াৰ লগতে এই বিত্তীয় বৰ্ষতে চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব আৰু অহা দুই বছৰৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। ইফালে তিনিচুকীয়াৰ মাকুমৰ হেবেদাইত নিৰ্মাণ হৈ থকা পলিটেকনিক প্ৰতিষ্ঠানখনো অহা বছৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে শদিয়া আৰু কাকপথাৰৰ কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close