অসম

তেজপুৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: বৰ্তমান সময়ত অসমৰ প্ৰায় ১২ লাখ(৫°৮৪ শতাংশ) জনসাধাৰণ বিভিন্ন ধৰণৰ মানসিক সমস্যাত ভুগি আছে। ইয়াৰ ০°৬ শতাংশ লোক জটিল মানসিক ৰোগ আৰু বাকীখিনি সাধাৰণ মানসিক ৰোগ যেন উদ্বিগ্নতা, হতাশগ্ৰস্ততা আৰু নিচাসক্তিৰদ্বাৰা আক্ৰান্ত। আজি তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত বিশ্ব মানসিক স্বাস্থ্য দিৱস তেজপুৰৰ বান থিয়েটাৰত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান।

প্ৰতিষ্ঠানটিৰ সঞ্চালক চিচিৰ দেউৰীৰ অনুষ্ঠিত সভাখন তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, সাংসদ ৰাম প্ৰসাদ শৰ্মা , অতিৰিক্ত উপাযুক্ত কে কে শৰ্মা আৰু চিকিৎসা প্ৰতিষ্ঠান খনৰ উচ্চ পদস্থ বিষয়া সকলে কমক্ষেত্ৰত মানসিক স্বাস্থ্য শীৰ্ষক বিষয়বস্তু হিচাপে লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।বিষয়টোৰ ওপৰত বিশেষ ভাবে ব্যক্তব্য ৰাখে অপৰাজিতা বৰুৱাই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close