অসমশীৰ্ষ

থলুৱা স্বাস্থ্যসন্মত সুৰাৰে ৰাজ্যত কমিব মৃত্যুৰ হাৰ: আবকাৰী মন্ত্ৰী

নলবাৰীৰ পৰা বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: চুলাই মদ সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উলিয়ালে নতুন ফৰ্মুলা৷ স্বাস্যসন্মতভাৱে দেশীয় সুৰা উৎপাদন কৰি মৃত্যুৰ হাৰ কমাব চৰকাৰে৷ এই কথা কৈছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷

পৰম্পৰাগত চুলাই মদ খাই পূৰ্বে দৈনিক মানুহ মৰিছিল, পূৰ্বৰ চুলাই মদ আছিল অস্বাস্থ্যসন্মত৷ গতিকে, এতিয়া চৰকাৰৰ সিদ্ধান্ত , স্বাস্থ্যসন্মতভাৱে বনোৱা হ’ব “ৰাইনো ব্ৰেণ্ডৰ দেশীয় সুৰা৷ সুলভ মূল্যতে উপলব্ধ ৰাইনো সুৰাৰ প্ৰচলনৰে চৰকাৰে কমাব মৃত্যুৰ হাৰহে কমাব বুলি নলবাৰীত আজৱ দাবী উত্থাপন কৰিলে মন্ত্ৰী শুক্ল বৈদ্যই৷ ৰাইনো সুৰাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে দিছে এনে উত্তৰ৷

Related Articles

Leave a Reply

Close