অসম

দিখৌমুখত গ্ৰামীন বিকাশ বেংক বিষয়া সন্থাৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: অসম গ্ৰামীন বিকাশ বেংক বিষয়া সন্থাৰ উদ্যোগত তথা চকু গৱেষণা কেন্দ্ৰ, শিৱসাগৰ আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা “সহযোগ”ৰ সৌজন্যত আজি দিখৌমুখৰ তেলীয়াডোঙা স্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুস্থিত হয়৷ এই উপলক্ষে শিবিৰটোৰ উদ্বোধনী সভাৰ আত ধৰে গ্ৰামীন বিকাশ বেংকৰ চাৰিং শাখাৰ প্ৰবন্ধক বিবেক কুমাৰ শুক্লাই৷ উক্ত সভাত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই গ্ৰামীন বিকাশ বেংকৰ মৰাণ শাখাৰ জ্যেষ্ঠ প্ৰবন্ধক আদিত্য গোস্বামী, লাকুৱা শাখাৰ প্ৰবন্ধক দীপক শইকীয়া, কৃষক ন্যাসৰ সম্পাদক ৰাজীৱ দত্ত, সংবাদকৰ্মী নৱজ্যোতি ওজা আৰু “সহযোগ”ৰ সম্পাদক সূৰ্য কাগ্‌য়ুঙে৷ চকু গৱেষণা কেন্দ্ৰ, শিৱসাগৰৰ ভাম্যমান গোটে চকু চিকিৎসা সেৱা আগবঢ়োৱা উক্ত শিবিৰত শিৱসাগৰ চকু গৱেষণা কেন্দ্ৰৰ ভ্ৰাম্যমান গোটৰ পৰিচালক ডিম্পল মোহন, নগাওঁ চকু গৱেষণা কেন্দ্ৰৰ ভ্ৰাম্যমান গোটৰ পৰিচালক গণেশ চাহু, চকু পৰীক্ষক অৰিন্দম খনিকৰ, অপ্টিকেল মেনেজাৰ বিদ্যুৎ বিকাশ কোৱঁৰ আৰু স্বাস্থ্যকৰ্মী সমৰজিত চুটীয়া অংশগ্ৰহণ কৰি চিকিৎসা সেৱা আগবঢ়ায়৷ চিকিৎসা শিবিৰটোত স্থানীয শতাধিক ৰোগীৰ বিনামূলীয়া চকু পৰীক্ষা কৰা হয়৷

Related Articles

Leave a Reply

Close