অসম

দিখৌমুখৰ শ্ৰী শ্ৰী পুনীয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ, বিশিষ্ট বায়ন জগন্নাথ গোস্বামীৰ দেহাৱসান

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: দিখৌমুখৰ শ্ৰী শ্ৰী পুনীয়া সত্ৰৰ ডেকা সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বিশিষ্ট বায়ন জগন্নাথ গোস্বামীৰ (৭৬) আজি পুৱা প্ৰায় পাঁচ বজাত দেহাৱসান ঘটে৷ কালি হঠাত পেটৰ বিষত আক্ৰান্ত হোৱা সত্ৰাধিকাৰ গৰাকীক পৰিয়ালৰ লোকে বিয়লি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পাছত আজি চিকিৎসালয়ৰ আই চি ইউতে আকস্মিক তথা অপত্যাশিত ভাৱে সত্ৰাধিকাৰ গৰাকীৰ মহাপ্ৰয়ান ঘটে৷ পুৱাতে সত্ৰাধিকাৰ গৰাকীৰ এই অপ্ৰত্যাশিত মৃত্যুৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰে বৃহত্তৰ দিখৌমুখবাসী ৰাইজ৷ পুৱা চিকিৎসালয়ৰ পৰা অঞ্চলটোৰ ভৰলুৱা গাঁওস্থিত বাসগৃহলৈ লৈ অহা সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আগমন ঘটা কেইবা শতাধিক গুণমুগ্ধ শোকাকুল লোকৰ উপস্থিতিত লোকে লোকাৰণ্য হৈ পৰে সত্ৰাধিকাৰ গৰাকীৰ বাসগৃহ প্ৰাংগন৷

উল্লেখ্য ১৯৪২ চনৰ ২০ জানুৱাৰীত জন্মগ্ৰহণ কৰা সত্ৰাধিকাৰ গৰাকীয়ে বৃহত্তৰ দিখৌমুখৰ সামাজিক, সাংস্কৃতিক তথা ধৰ্মীয় ক্ষেত্ৰখনলৈ জীৱিত কালত এক অপূৰণীয় অৱদান আগবঢ়াইছিল৷ অঞ্চলটোৰ অন্যতম সামাজিক- সাংস্কৃতিক অনুস্থান দিখৌমুখ মিলিত শিল্পী সমাজ আৰু বৰ্হমথুৰি সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ প্ৰতিস্থাপক সাংস্কৃতিক গুৰু আছিল এইগৰাকী সত্ৰাধিকাৰ৷ ইয়াৰোপৰি বৃহত্তৰ অঞ্চলটোৰ অন্যান্য সামাজিক অনুস্থানৰ লগতো ওতঃপোত ভাৱে জড়িত হৈ এগৰাকী আগশাৰীৰ সমাজকৰ্মী হিচাবে পৰিচিত প্ৰৱল জাতীয়তাবাদী মনোভাৱাপন্ন সত্ৰাধিকাৰ গৰাকী আছিল অসম গণ পৰিষদ দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য৷ এনে বহু স্বগুণেৰে মহীয়ান সত্ৰাধিকাৰ গৰাকীৰ নস্বৰ দেহক আজি গুণমুগ্ধ ৰাইজে গায়ন-বায়নেৰে এক শোভাযাত্ৰাৰে দিখৌমুখ মিলিত শিন্পী সমাজৰ প্ৰাংগনলৈ লৈ আহি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে৷

উক্ত অনুষ্ঠানতে দিখৌমুখ মিলিত শিল্পী সমাজ, বৰ্হমথুৰি সাংস্কৃতিক চৰ্চা কেন্দ্ৰ, দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা, দিখৌমুখ শাখা সাহিত্য সভা, দিখৌমুখ প্ৰেছ ক্লাৱ, দিখৌমুখ আঞ্চলিক বৈষ্ণৱ সমাজ, আঞ্চলিক বৈদিক বৈষ্ণৱ সমাজ, শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰ, গৌৰীসাগৰ ত্ৰিলোচন সাংস্কৃতিক মঞ্চ, কল্পদ্ৰুম, দিখৌমুখ বিশ্বজ্যোতি সংঘ, শিৱসাগৰ জিলা আৰু দিখৌমুখ আঞ্চলিক অগপ, দিখৌমুখ মণ্ডল বিজেপি, দিখৌমুখ মণ্ডল কংগ্ৰেছ, দিছিয়াল ৰাস মহোৎসৱ সমিতি, ভৰলুৱা তিনি আলি ব্যৱসায়ী সন্থা, দিখৌমুখ প্ৰাথমিক শিক্ষক কেন্দ্ৰ সভা, ত্ৰিবেণী সংগম আধ্যাত্মিক যুৱ মঞ্চ, শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, আমগুৰি সমষ্টি অগপ সাংস্কৃতিক পৰিষদ, প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ আমগুৰি আঞ্চলিক সমিতি তথা বৃহত্তৰ দিখৌমুখৰ প্ৰতিখন প্ৰাথমিক, মাধ্যমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, প্ৰতিখন গাৱঁৰ নামঘৰ পৰিচালনা সমিতি, যুৱ সংঘ আদি শতাধিক অনুস্থান প্ৰতিস্থানে সত্ৰাধিকাৰ গৰাকীৰ নস্বৰ দেহত মাল্যাৰ্পনেৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অন্যহাতে সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুৰ বাতৰি লাভ কৰি শ্ৰী শ্ৰী আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাইও গভীৰ শোক প্ৰকাশ কৰিছে৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতে জন্মস্থান ৰূপহীমুখলৈ লৈ যোৱা সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰ দেহ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে অন্তিম সৎকাৰ কৰা হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close