অসম

দিপাৱলীৰ উপলক্ষে মানসিক ৰোগীৰ মাজত শিমলুগুৰি আৰক্ষী 

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ:;পোহৰৰ উৎসৱ, আনন্দৰ উৎসৱ দীপাৱলি ।সকলোৱে কৰক আনন্দ। বাদ পৰি নাথাকক মানসিক বিকাৰগ্ৰস্থ সকলো। সেই বুলিয়েই শিমলুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল গোস্বামীয়ে সহকৰ্মী, গাঁওৰক্ষী বাহিনী সদস্য আৰু শিমলুগুৰিৰ কেইজনমান উদীয়মান যুৱকক লগত লৈ দিপাৱলীৰ শুভকামনা জনালে নাজিৰাৰ বৰতলস্থিত Human Welfare Society নাজিৰাৰ দ্বাৰা পৰিচালিত অসমৰ একমাত্র মহিলা মানসিক ৰোগী পুণৰ সংস্থাপন কেন্দ্ৰত।

অসমৰ বিভিন্ন ঠাইৰ বহু কেইবা গৰাকী মানসিক ৰোগীৰ সৈতে মত বিনিময় কৰি অনুষ্ঠানটোৰ বুজ লোৱাৰ লগতে মিঠাই আৰু লঘু আতচবাজীৰ সামগ্ৰী বিতৰণ কৰে। নাজিৰাৰ সমাজ সংগঠক নাচেৰ খান কেইজনমান অগ্ৰণী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই অনুষ্ঠানটোৱে মানসিক ৰোগীৰ বিনামুলীয়া চিকিৎসা আৰু পুণৰ সংস্থাপনৰ ক্ষেত্ৰত সমাজলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close